নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ হিমন্ত বিশ্ব আৰু প্রমোদ বড়োৰহে চুক্তি

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত হৈ উঠিছে নির্বাচনী প্রচাৰ৷ চতুর্থবাৰ ক্ষমতা দখলৰ বাবে বিটিচিত পুনৰ টঙালি বান্ধিছে হাগ্রামা মহিলাৰীয়ে৷ ওদালগুৰি জিলাৰ ৩৩নং ননৈ–ছেৰফাং পৰিষদীয় সমষ্টিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বিটিচিৰ প্রাক্তন মুৰব্বী হাগ্রামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তি অনুসৰি ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রমোদ বডোৱে কেতিয়াও ভূমি পট্টা দিব নোৱাৰে৷ বিটিআৰত ট্রাইবেল লোকসকলৰ বাহিৰে অন্যান্য জাতি–জনগোষ্ঠীৰ কোনো ধৰণৰ ৰাজনৈতিক, সামাজিক সুৰক্ষা, নিৰাপত্তা, ভূমিৰ অধিকাৰৰ লগতে ভাষা–সাহিত্য–সংস্কৃত্ কথা উল্লেখ নাই বুলি মহিলাৰীয়ে উল্লেখ কৰে৷

বিটিআৰত অন্যান্য জাতি–জনগোষ্ঠীৰ সুৰক্ষা আৰু অধিকাৰৰ সম্পর্কত কোনো কথাই উল্লেখ নাই বুলিও বিটিচিৰ প্রাক্তন মুৰব্বীজনে জানিবলৈ দিয়ে৷ হাগ্রামা মহিলাৰীয়ে লগতে কয় যে বিটিআৰ চুক্তি এন ডি এফ বিৰে কৰা চুক্তি নহয়৷ এই চুক্তি হৈছে ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রমোদ বডোৱে কৰা এখন চুক্তিহে৷ বিটিচিত শান্তিৰ পৰিৱেশ বিঘ্ণিত কৰি অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ ড০ হিমন্ত বিশ্ব শর্মাই অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে বুলিও হাগ্রামা মহিলাৰীয়ে উল্লেখ কৰি কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত ঠগ–প্রৱঞ্চনাৰে আজি সুদীর্ঘ চাৰি বছৰে কি কৰিলে বুলিও হাগ্রামাই ড০ হিমন্ত বিশ্ব শর্মাক প্রশ্ণ কৰে৷

বিটিচিত বিপিএফে ক্ষমতাত বহাৰ লগে লগে ভেৰগাঁও আৰু ওদালগুৰি জিলাত ৪০টা বিভাগত তৃতীয় আৰু চতুর্থ শ্রেণীৰ চাকৰিৰ বাবে স্থানীয় যুৱক–যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, ২০০৩ চনৰ ১০ ফেব্রুৱাৰীক ভিত্তিবর্ষ হিচাপে লৈ ভূমি পট্টা প্রদান কৰা, মাটি কিনা–বেচাৰ ক্ষেত্রত নিজ নিজ গৃহ জিলাত ৰূপায়ণ কৰা, সকলো জাতি–জনগোষ্ঠীৰ বাবে এখনকৈ উন্নয়ন ব’ড গঠন কৰা আদি প্রতিশ্রুতি প্রদান কৰে হাগ্রামা মহিলাৰীয়ে৷ আজি বিয়লি দুই বজাৰ পৰা সমষ্টিটোৰ ঔৰংগাজুলি চাহ বাগিচাৰ ময়দানত অনুষ্ঠিত নির্বাচনী সভাত মন্ত্রী ৰিহণ দৈমাৰী, পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়ে বিজেপি আৰু ইউপিপিএলক তীব্র সমালোচনা কৰি ভাষণ দিয়ে৷ অলপতে বিজেপিলৈ গমন কৰা প্রাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক বিজেপিলৈ গোলাম কৰি পঠিয়াই দিয়া হৈছে বুলিও বিধায়িকা কমলী বসুমতাৰীয়ে উল্লেখ কৰে৷ নির্বাচনী সভাৰ আঁত ধৰে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বডোৱে৷ সদৌ আদিবাসী ছাত্র সন্থাৰ সভাপতি প্রদীপ নাগেও বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

You might also like