নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএল শাসনলৈ আহিলে বিটিচিৰ পৰা নির্মূল হ’ব মাদক দ্রব্য

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বিগত সোতৰ বছৰে বিপিএফে শাসনৰ নামত অপশাসন চলাই আছিল৷ দুর্নীতি–ভ্রষ্টাচাৰ–ম্ বিপিএফৰ আদর্শ৷ –এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বডোৰ৷ বাক্সা জিলাৰ বাঙালীপাৰাত দিনৰ বাৰ বজাত ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ ইউপিপিএলৰ প্রার্থী প্রদীপ নার্জাৰীৰ সমর্থনত সমাজকর্মী মহেন্দ্র স্বর্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত অংশ লৈ নির্বাচনী প্রচাৰত এইদৰে কয় প্রমোদ বড়োৱে৷ বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক সমালোচনা কৰি তেওঁ আৰু কয়– বিপিএফৰ অপশাসনৰ বাবে বিটিএডিৰ মানুহ দুখীয়া হৈ গৈ আছে৷ সোতৰ বছৰ শাসন চলোৱাৰ পিছতো কোনো সংস্থাপনৰ ব্যৱস্থা নকৰিলে বিপিএফে৷ যদি কাৰোবাৰ সংস্থাপন হৈছে হাগ্রামা মহিলাৰী, গণেশ কছাৰীৰ আত্মীয়সকলৰ সংস্থাপন হৈছে৷ আৰু যদি সেই নেতাসকলেই পুনৰ বিটিআৰৰ শাসন চলাব লাগে বিটিআৰৰ নামত কেন্দ্রীয় চৰকাৰে দিয়া উন্নয়ন খাই শেষ কৰিব৷

ইয়াৰ বিপৰীতে ইউপিপিএলৰ চৰকাৰত দুর্নীতি কৰা সকলো লোক জে’লত যাব লাগিব বুলিও কয়৷ আনহাতে তেওঁ ২০০৩ চনত স্বাক্ষৰিত বিটিচি চুক্তিৰ সময়ত বিটিএডিত বাস কৰা সকলো জনগোষ্ঠীয়ে উন্নয়ন আৰু শান্তিৰ আশা কৰিছিল যদিও বাস্তৱত হাগ্রামা বাহিনীয়ে জনসাধাৰণাক বিশ্বাসঘাতকতা কৰা বুলি কয়৷ ভাষণত বিপিএফক আক্রমণৰ লক্ষ্য হিচাপে লোৱা বডোৱে বিগত সোতৰ বছৰে বিটিচিত হাগ্রামাৰ আৰু শুক্লাই ছেৰফাঙত গণেশ কছাৰীৰ দাদাগিৰি চলিল যদিও অহা পোন্ধৰ ডিচেম্বৰৰ পিছত তেওঁলোকৰ আৰু দাদাগিৰি নচলিব বুুুলি সকীয়নি দিয়ে৷ বিগত সোতৰ বছৰত বিপিএফে বিটিচিত শান্তি স্থাপনৰ সুযোগ লাভ কৰিছিল৷ কিন্তু তেওঁলোকে কোনেও চেষ্টা নকৰিলে৷

ইয়াৰ পৰিৱর্তে বিটিআৰ চুক্তিৰ দ্বাৰা ইউপিপিএলে সশস্ত্র সংগঠনসমূহক আনি শান্তি চুক্তিৰে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁ বিটিআৰত ইউ পি পি এলৰ চৰকাৰ হ’লে বছৰি এক লাখ নিবনুৱাক সংস্থাপন, সম–মর্যাদাৰে সম–ধিকাৰ, সম–উন্নয়ন, ভূমিৰ অধিকাৰ আদি সুনিশ্চিত কৰিব বুলি ভাষণত কয়৷ পৰিৱর্তনৰ স্বার্থতে ইউপিপিএলৰ চৰকাৰৰ দৰকাৰ বুলি কৈ ২৯নং শুক্লাই ছেৰফাং সমষ্টিত প্রদীপ নার্জাৰীক ভোট দিবলৈ আহ্বান জনায়৷ পাঁচ সহস্রাধিক লোকৰ বিশাল গণসমাৱেশত মহিলা নেত্রী হেলেনা স্বর্গীয়াৰীয়ে বিটিআৰবাসীৰ সর্বাংগীণ উন্নয়নৰ স্বার্থত পৰিৱর্তন অৱশ্যম্ভাৱী বুলি কৈ ইউপিপিএলক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷

You might also like