নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত মুছলমানক তালিবানসদৃশ অত্যাচাৰ…

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ   চীনে উইগুৰ মুছলমানসকলৰ ওপৰত তালিবানসদৃশ নিৰ্মম অত্যাচাৰ কৰিছে । তেওঁলোকে ড্ৰেগনৰ কথা নুশুনাৰ বাবে জিনজিয়াং প্ৰদেশৰ ডিটেনচন কেন্দ্ৰত উইগুৰসকলক অমানৱীয় অত্যাচাৰ কৰিছে । এই কথা প্ৰাক্তন চীনা আৰক্ষী বিষয়াই ব্ৰিটেইনৰ স্কাই নিউজক দিয়া এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ।
নাম প্ৰকাশত অনিচ্ছুক আৰক্ষী বিষয়াজনে কয় যে- চীনা ডিটেনচন চেন্টাৰত উইগুৰ মুছলমানসকলক মুখত পাইপ বান্ধি ৰাখিছে । পানী বিচাৰিলেও বটলৰ ঢাকনি টান কৈ মাৰি দিয়ে । ভোক লাগিলৰ খাদ্যও নিদিয়ে ।
অৱশ্যে চীনে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছে ।

You might also like