নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ শিক্ষকলৈ শ্ৰেষ্ঠ সমাজকৰ্মীৰ বঁটা

নিয়মীয়া বাৰ্তা  ১২ অক্টোবৰ :: শোণিতপুৰৰ চাৰিদুৱাৰৰ এগৰাকী শিক্ষক, সমাজকৰ্মীয়ে এটা অনুষ্ঠানৰপৰা শ্ৰেষ্ঠ সমাজসেৱক বঁটা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । প্ৰাপ্ত তথ্য মতে, চাৰিদুৱাৰ ঔহলা গাঁৱৰ বাসিন্দা, বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ ঢাৰিকাটি চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চাৰিদুৱাৰ আঞ্চলিকৰ সম্পাদক দুষ্মন্ত বৰাক নেবকাছ নামৰ অনুষ্ঠানটোৱে শ্ৰেষ্ঠ সমাজসেৱকৰ বঁটা-২০২১ প্ৰদান কৰিছে ।

উল্লেখ্যে যে, যোৱা ১০ অক্টোবৰত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা নেবকাছৰ ১৪ সংখ্যক বাৰ্ষিক নেবকাছ নেশনেল এৱাৰ্ড-২০২১ অনুষ্ঠানত বৰাক
এই বঁটা প্ৰদান কৰে । বঁটাত এখন মানপত্ৰ, ট্ৰফী আগবঢ়োৱা হয় ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে , বৰাই শিক্ষকতাৰ লগতে আজৰি সময়ত চাৰিদুৱাৰ, বালিপৰা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ নিষ্ঠাৰে সমাজসেৱা কৰি আহিছে ।

You might also like