নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ চেৰামত চিয়াং নদীৰ ব্যাপক খহনীয়া

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অৰুণাচলৰ পূব চিয়াং জিলাৰ মেৱ অঞ্চল ভয়ংকৰ গৰাখহনীয়াৰ কবলত। বছৰি বাৰিষাত চিয়াং নৈৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি হৈ অৰুণাচলৰ পূব চিয়াং জিলাত বান-গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে বিগত বৰ্ষা কালত গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ পূব চিয়াং জিলাৰ মেৰ, নামচিং, কোংকুল, চেৰেণ, বৰঘুলিকে ধৰি প্ৰায় ১০খনৰো অধিক গাঁৱৰ দুই হাজাৰ হেক্টৰ কৃষি ভূমি চিয়াং নৈৰ বুকুত জাহ গৈছে।

আনহাতে নৈখনৰ গৰাখহনীয়াই ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰে যে অঞ্চলসমূহৰ কেইবাখনো গাঁও নিঃশেষ হোৱাৰ উপক্ৰম হোৱাৰ লগতে নৈপৰীয়া ৰাইজে অনিশ্চয়তাৰ জীৱন কটাবলগীয়াত পৰিছে। এনেদৰে চিয়াং নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত গৰাখহনীয়াৰ কবলত পৰা গাঁৱৰ ৰাইজে শ্ৰমদান কৰি নিজৰ গাঁঠিৰ ধন ভাঙি শিলৰ স্পাৰৰ লগতে বাঁহৰ পাৰ্কিউপাইন দি গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

আনহাতে চিয়াং নদীৰ পাৰত শিলৰ স্পাৰ স্থাপন কৰাৰ পিছতো নদীখনৰ বান-খহনীয়া প্ৰতিৰোধ কৰিব নোৱৰাত অঞ্চলসমূহৰ ৰাইজে উপায়হীন হৈ পৰিছে ৷ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰিবলৈ অৰুণাচল চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৰাইজে৷

You might also like