নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত চিকিৎসালয়ৰ পৰা বিক্ৰী হ’ল নৱজাতক; পিতৃ সহ আটক ৩

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: শিশু কিনিবলৈ আহি ৰঙাঘৰৰ আলহি হ’ল লক্ষীমপুৰ ৰাম মন্দিৰৰ এজন পূজাৰী ৷ ঘটনা অনুসৰি যোৱা ১১ আগষ্টত গহপুৰ অসামৰিক  চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱ কৰিবলৈ আহিছিল গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ  মাগনি কছাৰীৰ  লাকী গোড়  নামৰ এগৰাকী গৰ্ভৱতী মহিলা ৷ পুৱা মহিলা গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ পিছতে শিশুটিক কিনিবৰ বাবে তেওঁৰ স্বামী চুৰেন গোড় আৰু এগৰাকী মধ্যস্থতাকাৰী মহিলাই পূৰ্বে পাতি থোৱা কথা অনুসৰি  ক্ৰেতা জনক মাতি পঠিয়াই ৷ আৰু তাৰ পিছতেই কৃষ্ণ প্ৰসাদ উপাধ্যায় নামৰ এজন ব্যক্তি লক্ষীমপুৰ পৰা আহি উপস্থিত হয় চিকিৎসালয়ত ৷ পূৰ্বৰ কথা অনুসৰি ৬ হাজাৰ টকাত শিশুটিক ক্ৰয় কৰি লক্ষীমপুৰলৈ লৈ যায় ব্যক্তিজনে ৷ নৱজাতক শিশু বিক্ৰী কৰি ঘৰলৈ গৈ ধুৰন্ধৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ শিশুটো মৃত্যু হোৱা বুলি গাঁৱত কোৱাৰ পিছতেই গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হয় সন্দেহৰ । ইয়াৰ পিছত গহপুৰৰ মাগনি কছাৰি গাঁৱৰ চুৰেন গোড় আৰু লাকী গোড় ওপৰত গহপুৰ থানাত এজেহাৰ প্ৰদান কৰে ৷ এজেহাৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি সন্তানটোক লখিমপুৰৰ লিলাবাৰীৰ পূজাৰীটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে ঘটনাৰে জড়িত পিতৃ চুৰেন গোড় , মধ্যস্থতাকাৰী  মহিলা তুপনি গোৱলা আৰু পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰিছে । আনহাতে চিকিৎসালয়ৰ পৰা কি দৰে সন্তান বিক্ৰী হল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

You might also like