নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা আৰু মহকুমা ন্যায়িক আদালতৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে ব্যয় কৰিব ৩০০ কোটি টকাঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে বৰপেটাত উদ্বোধন কৰে নতুন ন্যায়িক আদালত ভৱন

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়াই সত্ৰ নগৰী বৰপেটাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা জিলাৰ নৱনিৰ্মিত ন্যায়িক আদালত ভৱনটিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত ধনেৰে নিৰ্মাণ কৰা এই নতুন ন্যায়িক আদালত ভৱনটিয়ে জিলাখনত ন্যায় প্ৰদান ব্যৱস্থা ক্ষিপ্ৰ কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে৷ তেওঁ আশা প্ৰকাশ কৰে যে এই নতুন আন্তঃগাঁথনিয়ে জিলাবাসীৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বিশেষকৈ সময় মতে ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেওঁৰ ভাষণত লঘূ¸ গোচৰেৰে ন্যায়পালিকাৰ বাবে বোজা সৃষ্টি কৰি হত্যা, ধৰ্ষণ আদি জঘন্য অপৰাধৰ বলি হোৱা লোকসকলৰ ন্যায় প্ৰদান প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যাতে বিলম্ব নঘটাই আৰু আনুষ্ঠানিক ন্যায়িক ব্যৱস্থাই যাতে পূৰ্ণোদ্যমে সেৱাত উৎসৰ্গা কৰিব পাৰে তাৰ বাবে পৰিয়ালৰ জ্যেষ্ঠসকলে মধ্যস্থতা কৰি সৰু সৰু বিবাদসমূহ পৰম্পৰাগত ব্যৱস্থা আদিৰ জৰিয়তে আদালতৰ বাহিৰতে সমাধান কৰাৰ পথ বাছি ল’বলৈ জিলাবাসীক আহ্বান জনায়৷

প্ৰাচীন ধৰ্মীয় শাস্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষ ব্যৱস্থাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ন্যায়পৰায়ণ, বৈধ আৰু মানবীয় সমাজ এখন লাভ কৰাৰ দিশত সকলোৱে কাম কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কয়৷ তেওঁ উল্লেখ কৰে যে প্ৰাচীন ভাৰতীয় সমাজে ধৰ্মৰ ভিত্তিত নিজকে শাসন কৰিছিল৷ সেই সময়ত প্ৰতিজন মানুহে নীতি-নিয়মসমূহ জন্মৰ পৰা জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰাৰ সময়লৈকে পালন কৰিব লাগিছিল৷ ধৰ্মই সমাজৰ সকলো উপাদানক ঐক্যবদ্ধ কৰি ৰাখে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ধৰ্ম অনুসৰণ কৰা সমাজে ইয়াৰ উপাদানসমূহৰ মাজত সংঘাতৰ পৰিসৰ হ্ৰাস কৰে৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ জিলা আৰু মহকুমা ন্যায়িক আদালতৰ আন্তঃগাঁথনি উন্নয়ন আৰু উন্নীতকৰণৰ বাবে অহা ৩ বছৰত অসম চৰকাৰে মুঠ ৩০০ কোটি টকা ব্যয় কৰিব বুলিও ঘোষণা কৰে৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই চলিত বৰ্ষৰ ১৫ আগষ্টত শুভাৰম্ভ হোৱা ‘বিদ্যাৰথ- স্কুল অন হুইলছ্‌’ প্ৰকল্প প্ৰণয়নৰ বাবে আগবঢ়োৱা উল্লেখযোগ্য ভূমিকাৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ¸ আৰ এম চ্ছায়াক প্ৰশংসা কৰে৷ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বাদ পৰি ৰোৱা শিশুসকলক শিক্ষা প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰা এই সামাজিক প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোৱে সমাজৰ বঞ্চিত শিশুসকলৰ জীৱন আৰু ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব৷

বৰপেটা বাৰ কাউন্সিলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে সন্থাক তিনি কঠা ভূমি আবণ্টন দিব আৰু ইয়াৰ বাবে বৰপেটাৰ উপায়ুক্তক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হ’ব৷

আজিৰ এই অনুষ্ঠানত অসম চৰকাৰ আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটেশ্বৰ সিং, ন্যায়াধীশ অজিৎ বৰঠাকুৰ প্ৰমুখ্যে গণ্য-মান্য লোকসকল উপস্থিত থাকে৷

You might also like