নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত দুর্গম অঞ্চলত স্বাস্থ্যকর্মীয়ে অব্যাহত ৰাখিছে ভেকচিন প্রদান কার্যসূচী

নিয়মীয়া বাৰ্তা ১৪ জুনঃ ক’ৰোনা মহামাৰীৰ ভয়াৱহ সংক্রমণ অব্যাহত থকাৰ সময়তে একাংশ অবিবেচক ব্যক্তিয়ে মানৱ সেৱাত ব্রতী চিকিৎসক আৰু স্বাস্থ্যকর্মীক শাৰীৰিকভাৱে আক্রমণ কৰাৰ লগতে চিকিৎসালয়ৰ সা–সামগ্রী ধ্বংস কৰি আছে৷ সকলোধৰণৰ আতিশয্য মূৰ পাতি লৈও চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে প্রথম শাৰীত থিয় হৈ মানুহৰ জীৱন ৰক্ষাৰ বাবে ক’ভিড যোদ্ধাৰ দায়িত্ব পালন কৰি আছে৷ ৰাজ্যৰ আন আন ঠাইৰ দৰে চিৰাং জিলাৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলে বিভিন্ন ক’ভিড কেয়াৰ হাস্পতালৰ লগতে জিলাখনৰ অতি ভিতৰুৱা তথা দুর্গম অঞ্চলসমূহত জনসেৱা অব্যাহত ৰাখিছে৷

যিদৰে জিলাখনৰ ভূটান সীমান্তৱর্তী যান–বাহন চলাচলৰ কোনো সুচল ব্যৱস্থা নথকা ভিতৰুৱা অঞ্চলত বসবাস কৰা লোকসকলক খোজকাঢ়ি গৈ চিকিৎসা সেৱা প্রদান কৰিছে, একেদৰে পথ–দলংবিহীন খৰস্রোতা নদীত বিপদসংকুল নৌকাযাত্রা কৰি ভিতৰুৱা গাঁওসমূহত গৈ সর্বসাধাৰণ লোকৰ জীৱন ৰক্ষাৰ বাবে ভেকচিন প্রদান কার্যসূচী ৰূপায়ণ কৰিছে৷ যোৱা শুকুৰবাৰে ঢ়ালিগাঁও থানাৰ অন্তর্গত ভিৰাংগাঁও প্রাথমিক স্বাস্থ্যকেন্দ্রৰ এটা স্বাস্থ্যকর্মীৰ দলে নৌকাযাত্রা কৰি নদীদ্বীপসদৃশ নেপালপাৰা অঞ্চলত বসবাস কৰা লোকসকলক ভেকচিন প্রদান কৰে৷

ভিৰাংগাঁও প্রাথমিক স্বাস্থ্যকেন্দ্রৰ চিকিৎসক ডাঃ শান্তনু নাথৰ নেতৃত্বত যোৱা স্বাস্থ্যকর্মীসকলে সেইদিনা প্রথমে আই নদীৰ পাৰলৈ গাডীত গৈ পিছত নৌকাযাত্রা কৰি উত্তৰ নেপালপাৰা প্রাথমিক বিদ্যালয়ত উপস্থিত হয়৷ স্বাস্থ্যকর্মীৰ দলে নেপালপাৰা গাঁৱৰ মুঠ ১৫০জন ব্যক্তিক ক’ভিড প্রতিষেধক প্রদান কৰে৷ সেইদিনাৰ ভেকচিন প্রদান কার্যসূচীত ভিৰাংগাঁও প্রাথমিক স্বাস্থ্যকেন্দ্রৰ স্বাস্থ্যকর্মী ৰাজেন চৌধুৰী (লেবটেক), এ এন এম ক্রমে জেউতি ৰাভা, আনোৱাৰা খাতুন, গৌৰাংগ ৰায় (এম পি ডব্লিউ) আৰু চালক ৰোমান বসুমতাৰীয়ে সহযোগিতা আগবঢ়ায়৷ নেপালপাৰা গাঁৱৰ ৰাইজে স্বাস্থ্যকর্মীৰ দলটোৰ শলাগ লয়৷

You might also like