নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিত অভিযুক্তঃ ঠেলামৰাৰ ৰাজহ চক্র বিষয়াক আটক

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ ঠেলামৰা ৰাজহ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক আটক কৰিলে আৰক্ষীয়ে৷ ঠেলামৰা ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ মণ্ডল গুলজাৰ হুছেইনক ২৭ ছেপ্টেম্বৰত গুৱাহাটীৰ ভঙাগড় অঞ্চলত দুর্নীতি নিবাৰক শাখাই কেইদিনমান পূর্বে গ্রেপ্তাৰ কৰাৰ পিছতে আৰক্ষীৰ জালত পৰিল ঠেলামৰা ৰাজহ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ৷

মন কৰিবলগীয়া যে গুৱাহাটীত দুর্নীতি নিবাৰক শাখাই অভিযান চলাই ঢেকীয়াজুলিৰ ঠেলামৰা ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ মণ্ডল গুলজাৰ হুছেইনক কিছুদিন পূর্বে গুৱাহাটীৰ ভঙাগড়ত হাতে–লোটে গ্রেপ্তাৰ কৰা ঘটনাত তীব্র চাঞ্চল্য বিৰাজ কৰিছিল৷

মাটিৰ দালালৰ পৰা ধন দাবী কৰিয়েই মণ্ডল গুলজাৰ হুছেইন গ্রেপ্তাৰ হৈছিল৷ আগধন হিচাপে মাটিৰ দালালে ৪ লাখৰ চুক্তি মতে ৫০ হাজাৰ টকা দিবলৈ যাওঁতে হাতে–লোটে অপৰাধ দুর্নীতি শাখাই গ্রেপ্তাৰ কৰিছিল গুলজাৰ হুছেইনক৷

ঠেলামৰা ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ মণ্ডল গুলজাৰ হুছেইনক গ্রেপ্তাৰ কৰাৰ পিছতে মণ্ডল গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিতে ঠেলামৰা ৰাজহ চক্র বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ঠেলামৰা অঞ্চলৰ কেইবাগৰাকীও মাটিৰ দালালে ঘটনা বিষম দেখি পলায়ন কৰা বুলি জানিব পৰা গৈছে৷

You might also like