নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানত অনাথ আশ্রমৰ শিশুৰে অন্তৰংগ আলাপ ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ  উড়ান আঁচনিৰ অধীনত উত্তৰ–পূর্বাঞ্চলত বিমান সেৱা আৰম্ভ কৰিছে বিমান পৰিবহণ সংস্থা বিগ ফ্লায়ে৷

গান্ধী জয়ন্তী উপলক্ষে বিমান সংস্থাটোৱে অনাথ আশ্রমৰ শিশুক বিমান ভ্রমণৰ ব্যৱস্থা গ্রহণ কৰে৷ শনিবাৰে বিমান সংস্থাটোৱে তিনিখন অনাথ আশ্রমৰ শিশু–কিশোৰক বিমানেৰে পৰিভ্রমণ কৰায়৷ এই অনাথ শিশুসকলৰ সৈতে বিমানযাত্রাৰ সহযাত্রী হয় প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা৷

বিমানত উঠি উৎফুল্লিত হৈ পৰা অনাথ আশ্রমৰ শিশু–কিশোৰ–কিশোৰীৰে অন্তৰংগতাৰে বার্তালাপ কৰে৷ বিগ ফ্লাই কোম্পানীয়ে অনাথ আশ্রমৰ শিশুক বিমানযাত্রাৰ সুবিধা প্রদান কৰাৰ বাবে ৰিণিকি ভূঞা শর্মাই বিমান পৰিবহণ সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like