নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ ক’লাজানত চোৰাং কয়লাৰ বেহা

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰী : গোলাঘাট জিলা প্ৰশাসন আৰু স্থানীয় আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল ক’লাজানত পুনৰ গঢ় লৈ উঠিছে চোৰাং কয়লাৰ এখন বৃহৎ মুকলি বজাৰ। একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী, পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু মুষ্টিমেয় কেইজনমান আৰক্ষীক হাতৰ মুঠিত ৰাখি কেইটামান ধুৰন্ধৰ চোৰাং কয়লাৰ বেপাৰীয়ে গোলাঘাট-যোৰহাট জিলাৰ একেবাৰে সীমাত অৱস্থিত তথা নাগালেণ্ডৰ গাতে লাগি থকা ক’লাজান এলেকাত বাহৰ পাতি আৰম্ভ কৰিছে কোটি কোটি টকাৰ কয়লাৰ চোৰাং বেহা। যি সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যত চিণ্ডিকেটৰাজ বন্ধ কৰাক লৈ সময়ে সময়ে ঢাকঢোল বজাই আহিছে, তেনে সময়তো এনে একাংশ চোৰাং কয়লা বেপাৰীয়ে সীমান্তৱৰ্তী এলেকাৰ সুযোগ উঠিছে গঢ়ি তুলিছে কোটি কোটি টকাৰ কয়লাৰ বৃহৎ চিণ্ডিকেট।

ক’লা হীৰা খ্যাত নগা পাহাৰৰ কয়লাক লৈ এলেকাটোত গঢ়ি তোলা কয়লাৰ এই চোৰাং ব্যৱসায়ৰ ফলত পুনৰ চলিত বৰ্ষটোত ৰাজ্য চৰকাৰখনে কেইবাশকোটি টকাৰ কৰ হেৰুৱাৰ আশংকা ঘনিভূত হৈছে। নাগালেণ্ডৰ ভূতত্ত্ব আৰু খনিজ বিভাগৰ সামান্য এটা অনুমতি লৈ স্থানীয় আৰক্ষীক তিলমানো কেৰেপ নকৰাকৈ দৈনিক বোজাইবাহী ট্ৰাকেৰে শ শ টন কয়লা ক’লাজান অঞ্চলটোৰ মাজেৰে সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, যোৰহাট জিলাৰ একেবাৰে গাতে লাগি থকা ক’লাজান গাঁৱৰ পৰাই আৰম্ভ হৈছে গোলাঘাট জিলাৰ সীমা।

ক’লাজানৰ পৰা নাগালেণ্ডৰ দিশে যোৱা এটা পথৰ কাষতে কৌশলে চোৰাং বেপাৰীকেইটাই গঢ়ি তুলিছে অবৈধ কয়লাৰ এটা বৃহৎ ষ্টক। নাগালেণ্ডৰ ৱাখা পাহাৰৰ বুকুত দিনে-ৰাতিয়ে খনন কৰা কয়লাসমূহ মজুত কৰেহি এই অবৈধ ষ্টকত। ইয়াৰ পৰাই বোজাইবাহী ট্ৰাকেৰে নিশাৰ সুযোগত দৈনিক ক’লাজানৰ পৰা মেৰাপানীৰ মিকিৰপতি হৈ অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈছে চোৰাং কয়লা। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি গোলাঘাট, সৰুপথাৰ, মেৰাপানীৰ কেইটামান কয়লা বেপাৰীৰ নেতৃত্বত অব্যাহত আছে এই চোৰাং কয়লাৰ ৰমৰমীয়া বেহা। ইতিমধ্যে গোটেই চক্ৰটোৰ কাৰুকাৰ্যৰ পৃষ্ঠাযোৰা তথ্য আহি পৰিছে সংবাদ মাধ্যমৰ হাতত। উল্লেখ্য যে চাৰিদিনীয়া পূৰ্বে চোৰাং কয়লা সৰবৰাহকাৰী এখন ট্ৰাক মিকিৰপট্টি তিনিআলিত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে চালকজনকো আটক কৰিছিল। কিন্তু বৰ্তমানেও নিশাৰ ভাগত ক’লজানৰ সীমান্তৰে চোৰাং কয়লা সৰবৰাহ অব্যাহত আছে। চৰকাৰী সকলো নিৰ্দেশনাক সম্পূৰ্ণৰূপে অমান্য কৰি ক’লাজান সীমান্তত এনেদৰে চোৰাং কয়লাৰ বিশাল সাম্ৰাজ্য গঢ়ি তোলা কাৰ্যই বৰ্তমান স্তম্ভিত কৰি তুলিছে সচেতন মহলক। তদুপৰি অধিক বোজাইবাহী তথা গধুৰ গধুৰ কয়লাৰ ট্ৰাক সমূহ ক’লাজনৰ সৰু পথ সমূহৰ মাজেৰে সঘনে অহা-যোৱা কৰাৰ ফলত পথবোৰ বিধ্বস্ত হৈ পৰাৰ উপক্ৰম হৈছে বুলি স্থানীয় গাঁওবাসীয়ে ক্ষোভেৰে জানিবলৈ দিছে। প্ৰণিধানযোগ্য যে উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত কয়লাৰ ব্লক আৱণ্টন, ডিপো স্থাপন আৰু খননৰ ক্ষেত্ৰত আৰোপ কৰা কেতবোৰ নিষেধাজ্ঞাক মুকলিকৈ উলংঘা কৰি অহা চোৰাং ব্যৱসায়ীৰ এই চক্ৰই গোলাঘাট জিলাৰ সীমামূৰীয়া অঞ্চলটোৰ সামাজিক আৰু শৈক্ষিক পৰিবেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে সচেতন ৰাইজে।

ইফালে দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু পৰিৱৰ্তনৰ শ্ল’গান আওৰাই শাসনৰ বাঘজৰী ল’বলৈ সক্ষম হোৱা বিজেপিৰ নেতৃত্বাধীন চৰকাৰে দায়িত্ব লোৱাৰ পাছতে এনে একাংশ ধুৰন্ধৰ চোৰাং ব্যৱসায়ীৰ অবৈধ কাৰ্যকলাপে পুনৰ ৰাজ্যৰ অৰ্থনীতিত মোক্ষম আঘাত কৰাত উদ্বিগ্ন কৰি তুলিছে সীমান্তৱৰ্তী ৰাইজক। পিছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ আধাৰত অভিযান অব্যাহত ৰখা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সীমান্তৰ এনেবোৰ কোটি কোটি টকাৰ কয়লাৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে এতিয়া কি দৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হব।

প্ৰেৰক অজয় শইকীয়া

You might also like