নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযান, মাস্ক নিপিন্ধা লোকৰ পৰা সংগ্ৰহ কৰিলে জৰিমনা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱাৰ লগতে সম্প্ৰতি ভাৰততো এই ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে । ক’ৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যোৱা মাৰ্চ মাহতে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত লকডাউন দিছিল যদিও একাংশ লোকৰ অসাৱধানতাৰ বাবে ভাৰতত ক’ৰোনা ৰোগী হ্ৰাস পোৱাৰ বিপৰীতে তীব্ৰ হাৰত বৃদ্ধি হৈ গৈ আছে ।

উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁৱত আজি ছয়গাঁও আৰক্ষীয়ে দিনৰ প্ৰায় ১২ বজাত মুখত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত মুখত মাস্ক পৰিধান নকৰা লোকৰ পৰা প্ৰায় ৫০০০ টকা আৰক্ষীয়ে জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বহু লোকে মুখত মাস্ক পৰিধান কৰাৰ বিপৰীতে পকেটৰ ভিতৰতহে মাস্কখন ভৰাই লোৱা দেখা যায় । সেই লোকসকলে ক’ৰোনাৰ ভয়ত নহয় আৰক্ষীৰ ভয়তহে মাস্ক লগত ৰাখে। আৰক্ষীক দেখা মাত্ৰে এই লোকসকলে মুখত মাস্কখন পিন্ধি লয়।

আৰক্ষীয়ে এই লোকসকলৰ বিৰুদ্ধেও অনাগত দিনত অভিযান চলাই জৰিমনা বিহিব বুলি জানিব পৰা গৈছে ।

You might also like