নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাপাৰাত অবৈধ বালি সৰবৰাহ কৰা ৫খনকৈ ট্ৰাক জব্দ, বন বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ছয়গাঁও আৰু গৰৈমাৰী অঞ্চলৰ শিঙিমাৰী, বিহাপাৰা, চাম্পুপাৰা আদি অঞ্চলত কলহী নৈৰ পৰা একাংশ লোকে অবৈধভাৱে বালি উঠাই বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আছে যদিও অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা এই অবৈধ বালিৰ বেহা বন্ধ কৰিবলৈ বন বিভাগ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বিহাপাৰা শিঙিমাৰীত যোৱানিশা পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত অভিযান চলাই ৫ খন অবৈধ বালিৰ ট্ৰাক জব্দ কৰে ৷

নিশা চলোৱা অভিযানত দুখন অবৈধ বালিভৰ্তি ডাম্পাৰ আৰু ৩খন অবৈধ বালিভৰ্তি ট্ৰাকসহ মুঠ ৫খন অবৈধ বালিৰ ট্ৰাক জব্দ কৰে ৷ ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছয়গাঁৱৰ বিহাপাৰা শিঙিমাৰীত কলহী নৈৰ পৰা একাংশ অসাধু লোকে অবৈধভাৱে বালি উঠাই সৰবৰাহ কৰি আছিল ৷

উল্লেখ্য যে বুধবাৰে নিশা বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত তথা শিংৰা ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া অনন্ত কলিতা আৰু কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ সহযোগত চলোৱা অভিযানৰ সময়ত কলহী নৈৰ ঘাটৰ পৰা পাঁচোখন অবৈধ বালিৰ ট্ৰাক জব্দ কৰি বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ৷

আনহাতে মঙলবাৰে নিশাও বন সুৰক্ষা বিষয়াৰ নেতৃত্বত বামুণীগাঁৱত তিনিখন অবৈধ বালিৰ ট্ৰাক জব্দ কৰে ৷ এই লৈ যোৱা দুদিনত বামুণীগাঁও বন সুৰক্ষা ৰেঞ্জাৰৰ নেতৃত্বত মুঠ ৮ খন অবৈধ বালিৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ এ এছ ০১ এল চি ৫৮৫৯, এ এছ ১৩ চি ০৯৫৩, এ এছ ২৫ দিচি ৫৪৪২, এ এছ ০১ বিচি ৯৯১৮, এ এছ ০১ এফ চি ৭৮৪৬, এ এছ ০১ জি ৭১১৮, এ এছ ১১ এ ৪০৩১৷ উল্লেখ্য যে অবৈধভাৱে বালি সৰবৰাহ কৰা এখন ট্ৰাকৰ নাম্বাৰপ্লেট নোহোৱাত গাড়ীখন জব্দ কৰে ৷

You might also like