নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিন আগত কিনা সপোনৰ গাড়ীখনেই মৃত্যুমুখলৈ ঠেলি নিলে পিতৃ-পুত্ৰক

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাউলধোৱা থেকেৰাগুৰি আজি পুৱা ৮.১৫ মান বজাত অংশত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী লোক থিতাতে নিহত হৈছে ৷ ঘটনাৰ বিৱৰণি মতে এ এছ ০৭ভি-৬৭৬ নম্বৰৰ আল্ট্ৰা বাছখনে আজি পুৱা প্ৰায় ৮ বজাত ধেমাজি জিলাৰ গোগামুখৰ পৰা তেজপুৰ অভিমুখে ৰাওনা হৈ থকাৰ বিপৰীতে এ এছ১২ এচি-৩০৬১ নম্বৰৰ টাটা নেক্সন বাহনখনে লখিমপুৰৰ পৰা গোগামুখ অভিমুখে ৰাওনা হৈ আছিল ৷ তেনেতে নেক্সন বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই আল্ট্ৰা বাছখনক তীব্ৰ জোৰত খুন্দা মাৰে ৷ ফলত টাটা নেক্সন বাহনখনত উঠি অহা লখিমপুৰ জিলাৰ নাওবৈচাৰ ভৰলুৱাৰ একে ঘৰৰ পিতা পুত্ৰৰ দুৰ্ঘটনাত নিহত। ছেমিম আলি আৰু তেওঁৰ পুত্ৰ ইমাম আলি থিতাতে নিহত হয় ৷ দুৰ্ঘটনাটোৰ ফলত নেক্সন বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হোৱাৰ বিপৰীতে আল্ট্ৰা বাছখনৰ আংশিক ক্ষতি হয় ৷ পিছত চাউলধোৱা আৰক্ষীয়ে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বাহন দুখনৰ লগতে নিহত দুয়োগৰাকী লোকক উদ্ধাৰ কৰি চাউলধোৱা আৰক্ষী চকীলৈ আনে । নিহত দুয়োগৰাকীকে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেললৈ পেৰন কৰে।জানিব পৰা মতে পুৱা ৫ মান বজাত নিজা বাহনেৰে গোগামুখৰ শুক্ৰবাৰ বজাৰত ছাগলী আনিবলৈ আহিছিল নিহত হয় দুয়ো পিতা পুত্ৰৰ। নিহত ছেলিম আহমেদ ৰ বয়স ২৫ বছৰ আৰু পিতা ইমান আলিৰ বয়স প্ৰায় ৫০ বছৰ। উল্লেখযোগ্য যে নিহত ছেলিম আহমেদে তিনি মাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

You might also like