নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত মৰিগাঁৱৰ মুখাশিল্পীৰ সৃষ্টিৰাজিৰ কদৰ : পিছে অৱহেলিত ৰজাঘৰীয়াৰ পৰা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ মুখা শিল্প বুলিলে আপোনাৰ বা মোৰ মাজুলীৰ কথাকেই প্ৰথমে মনলৈ আহে। পিছে গুৰুজনাৰ জন্মভূমি মধ্য অসমতো যে তেনে মুখাশিল্প যুগ যুগ ধৰি মাত্ৰ দুই এজন লোকে জীয়াই ৰাখিছে আপুনি হয়তো নেদেখিলে বিশ্বাস নকৰিব। মধ্য অসমৰ মৰিগাঁৱৰ তেনে একমাত্ৰ এগৰাকী মুখাশিল্পী হৈছে খৰ্গেশ্বৰ বৰদলৈ। জিলাখনৰ মৰিগাঁও সমষ্টিৰ নিজ তেতেলীয়াৰ ৬৮ বছৰীয়া খৰ্গেশ্বৰ বৰদলৈয়ে ২০০১ চনৰ পৰা একাগ্ৰতাৰে নিৰবধিভাৱে মুখা শিল্পত নামি পৰিছে। এই গৰাকী নীৰৱ সাধক মুখাশিল্পীৰ সৃষ্টিয়ে এতিয়া দেশ বিদেশৰ ছাত্র ছাত্ৰীৰ গৱেষণাৰ সমল হৈ পৰিছে। তেওঁ বৰতৰ মুখা অৰ্থাৎ বান্দৰ,গাহৰি বাঘ,ভালুক আদিকে ধৰি মহাদেৱ,মা কালি,যম ৰজা ,ৰাক্ষসিনী ইত্যাদিৰ মুখা নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। উল্লেখ্য যে তেওঁৰ পিতৃ মৃত ধৰ্মসিং বৰদলৈয়ো এগৰাকী বৰতৰ মুখাশিল্পী আছিল। পিতৃৰ পৰা কিছু দেখি শিকিছিল যদিও পিছলৈ নিজা চিন্তা ধাৰাৰে বাঁহৰ তমালেৰে মহাত্মা গান্ধী, ভূপেন হাজৰিকা,বিষ্ণু প্ৰসাদ ৰাভা,নমিষা অৰণ্যত ষাঠি সহস্ৰ ঋষিসকলৰ মাজত সৌনক মুণিয়ে ভাগৱত জ্ঞান দি থকা, জৱাহৰলাল নেহৰু,বিষ্ণু অনন্ত শয্যা,তিৱা ৰজা জোঙাল বলহু,মহাদেৱ আদিকে ধৰি বহুতো মূৰ্তি সাজি ৰাখিছে।উল্লেখ্যযে তেওঁ মুখা আৰু মূৰ্তিসমূহ বাঁহ,বেত,গোবৰ আদিৰে নিৰ্মাণকৰে।মুখা প্ৰধান উৎসৱ বৰত।এনেদৰে বহুতোমুখা আৰু মূৰ্তি সাজি শিল্পী গৰাকীয়ে নিজৰ কোঠাৰ উপৰিও বাসগৃহৰ প্ৰতিটো কোঠা,ঘৰৰ চিলিঙ, ভঁৰাল ঘৰ আদিতো সযতনে থৈছে যদিও ঠাইৰ অভাৱত এনে বহুতো মূল্যবান মুখা য’তে ত’তে থৈ দিয়াত নষ্ট হব ধৰিছে। উল্লেখ্য যে আবেদন কৰিও শিল্পী পেঞ্চনৰ পৰা বঞ্চিত মুখা শিল্পী গৰাকীয়ে দুখেৰে জনোৱা মতে,তেওঁৰ এই সৃষ্টিৰ সামগ্ৰী সমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ এটা ঘৰ তিৱা স্বায়ত্ত পৰিষদৰ স্থানীয় প্ৰতিনিধিসকলক অৱগত কৰি আহিছে যদিও আজিলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই । তেওঁক এই কৰ্মত একমাত্ৰ নিজৰ ঘৰখনেই সহযোগিতা আৰু প্ৰেৰণা আগবঢ়াই আহিছে। বৰ্তমান সময়ত গাঁৱৰ যুৱ চামেও শিকিবলৈকো ইচ্ছা নকৰে। যাৰ ফলত এসময়ত মৰিগাঁৱৰ পৰা একেবাৰেই মুখাশিল্প হেৰাই যোৱাৰ উপক্ৰম হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে।একেধাৰে মুখা শিল্পত নিয়োজিত হৈ গুৰুজনাৰ সৃষ্টি ৰাজিক মৰিগাঁও জিলাখনত জীয়াই ৰখা সংকল্প গ্ৰহণ কৰা এই গৰাকী নীৰৱ সাধক মুখাশিল্পীক কিন্তু আজিলৈকে চৰকাৰীৰ কোনো ধৰণৰ আঁচনি কিম্বা সাহাৰ্যই ঢুকি পোৱা নাই।। ২০১৩ চনত তিৱা স্বায়ত্ব পৰিষদৰ পৰা মাত্ৰ ৩০ হাজাৰ টকা অৰ্থ সাহাৰ্য লাভ কৰা শিল্পীগৰাকীক ২০২১ চনৰ ১৫ আগষ্টত মৰিগাঁও জিলা প্ৰশাসনে সম্বৰ্ধনা জনাইছিল যদিও জিলাখনত একমাত্ৰ যে এই গৰাকী শিল্পীয়েই গুৰুজনাৰ মহান সৃষ্টি মুখাশিল্পটোক যে জীয়াই ৰাখিছে , এই ক্ষেত্ৰত কেনে পদক্ষেপ লব লাগিব, সেই বিষয়ত জিলা প্ৰশাসনেও আজিলৈকে কোনো গুৰুত্ব নিদিয়া বুলি বয়সস্থ শিল্পী গৰাকীয়ে দুখ প্ৰকাশ কৰে। ইফালে এই গৰাকী মুখাশিল্পীক ২০২১ ৰ শেষত ফ্ৰান্সৰ পৰা চাৰলীছ ফ্ৰীগাৰ নামৰ এগৰাকী মহিলাই তেওঁৰ মুখা আৰু মূৰ্তি সমূহ পৰিদৰ্শন কৰে আৰু ফটো সংগ্ৰহ কৰি লৈ যায়। ইয়াৰ পূৰ্বে ইটালিৰ পৰাও আন এগৰাকী পৰ্যটক আহি তেওঁৰ মুখাশিল্প পৰিদৰ্শন কৰে। আনহাতে গুৱাহাটী, তেজপুৰ, নগাঁও, কাৰ্বি আংলংৰ একাংশ গৱেষণাৰ ছাত্র ছাত্ৰীয়ে গৱেষণাৰ বাবে প্ৰায় শিল্পীগৰাকীৰ অপূৰ্ব সৃষ্টিৰাজি পৰিদৰ্শন কৰিবলৈ আহে। পিছে এনেদৰেই এসময়ত হেৰাই যাব নেকি মৰিগাঁৱৰ একমাত্ৰ এই মুখাশিল্পীগৰাকীৰ সৃষ্টিৰাজি। সেয়েহে শিল্পী খৰ্গেশ্বৰ বৰদলৈয়েও গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি মুখাশিল্পক জীয়াই ৰাখিবলৈ শিল্পী সমাজক আহ্বান জনাইছে।

প্ৰেৰক মানস নাথ

You might also like