নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত ৰেচম আঁচনি ৰূপায়ণত কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ দৰং জিলাত ৰেচম বিভাগৰ আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ উত্থাপিত অভিযোগ মতে, এনে কেলেংকাৰিৰ বাবেই পূর্বৰ সহকাৰী সঞ্চালকে বিভাগটোৰ নৱনিযুক্ত সহকাৰী সঞ্চালকগৰাকীক ৭ দিনে দায়িত্ব চমজাই দিব পৰা নাই৷ লক্ষণীয় যে দৰং জিলা ৰেচম বিভাগে কেন্দ্রীয় ৰেচম বিভাগৰ দৃষ্টি আকর্ষণ কৰিব পাৰিছিল বিভিন্ন ৰেচম পাম গঢ় দিয়াৰ লগতে মুগা, পাট, এৰী উৎপাদনযোগে৷ যাৰবাবে কেন্দ্রীয় চৰকাৰে প্রায় এহেজাৰ হিতাধিকাৰীৰ আর্থিক উন্নয়নৰ বাবে উত্তৰ–পূবৰ ভিতৰত দৰং জিলাক বাছনি কৰিছিলIntensive Bivoltine Sericulture Developement Project চমুকৈ IBSDP, North East Regional Textile Promotional Scheme চমুকৈNERTPSৰ বাবে৷ প্রায় ২৯ কোটিটকীয়া প্রকল্পত ব্যক্তিগত, ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে ৰেচম পাম স্থাপন, উন্নয়নৰ বাবে ২০১৫–১৬, ২০১৬–১৭ আৰু ২০১৭–১৮ এই ৩টা বছৰত ৰূপায়ণৰ সময় নির্ধাৰিত কৰিছিল৷ প্রথম বছৰত ২০ শতাংশ অর্থাৎ এহেজাৰ হিতাধিকাৰীৰ মাজৰ ২০০, দ্বিতীয় বর্ষত অর্থাৎ ২০১৬–১৭ বিত্তীয় বর্ষত ৪০ শতাংশ অর্থাৎ ৪০০ হিতাধিকাৰী আৰু অন্তিম বর্ষত অৱশিষ্ট ৪০০ক সাঙুৰি লোৱা হৈছিল৷

পিছে, প্রকল্প অনুযায়ী ৩টা বর্ষত আঁচনিখন সম্পূর্ণ কৰাটো দূৰৈৰ কথা আজিকোপতি অন্তিম ৪০০ হিতাধিকাৰীৰ দ্বিতীয়/তৃতীয় কিস্তিৰ ধনেই মুকলি নহ’ল৷ ৰেচম পাম স্থাপন অথবা অভিলাষী আঁচনিখনৰ যোগেদি হোৱা উপকৃত ৰেচম পালকৰ প্রসংগ আন্ধাৰতে ৰ’ল৷ উত্থাপিত অভিযোগ অনুসৰি, নীতি–বহির্ভতভাৱে সঞ্চালকৰ কার্যালয়ৰ সলনি মঙলদৈৰ অতিৰিক্ত সঞ্চালকৰ কার্যালয়তে বুজাবুজি যোগে লাখ লাখ টকাৰ ঠিকা দিয়া হৈছে৷ ১৭ জানুৱাৰীত যোগানৰ পত্র জাৰি কৰি ৬ ফেব্রুৱাৰীত কেইবালাখ টকা চেকযোগে হস্তান্তৰ কৰিছিল৷ যিটো প্রকল্প ৩ৰ সলনি ৫ বছৰেও সম্পূর্ণই কৰিব নোৱাৰিলে, সেই প্রকল্পৰ ধন এনেদৰে কম সময়ত, সিও নিবিদা প্রকাশ নকৰাকৈ বিশাল ধন মোকলাই দিয়াৰ বিষয়টোৱে বহু প্রসংগ স্পষ্ট কৰিছে৷ উত্তৰ–পূব আঞ্চলিক বস্ত্রশিল্প বিকাশক প্রকল্প আঁচনি বা সংহত দ্বিচক্রী ৰেচম উন্নয়ন প্রকল্প আঁচনিৰ যোগেদি এহেজাৰ হিতাধিকাৰীৰ কিমানজনৰনো আর্থিক অথবা ৰেচম সম্পর্কীয় উন্নয়ন সাধনত সফল হ’ল তাক প্রকাশতে ব্যর্থ জিলা ৰেচম বিভাগ৷ অভিযোগ মতে, হাজাৰ গৰাকী হিতাধিকাৰীৰ আর্থিক সচ্ছলতা আহক বা নাহক ৰেচম বিভাগৰ কার্যালয় চৌহদত অৱস্থিত অতিথিশালাৰ কিন্তু উন্নীতকৰণ হ’ল৷ সপ্তাহে–পষেকে কি কাৰণত এইবোৰ চেক কটা হ’ল তাৰ এতিয়া ওলোৱা নাই হিচাপ৷ যাৰ পৰিণাম স্বৰূপে কেচবুক, ভাউচাৰ হস্তান্তৰত ব্যর্থ হৈয়েই ন–বিষয়াক দায়িত্ব গতাব পৰা নাই বুলি চর্চিত হৈছে৷

You might also like