নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দিকৈ কলেজৰ ছাত্রীলৈ অশ্লীল বার্তা প্রেৰণ অধ্যাপক সাহাৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  গুৰু–শিষ্যৰ সম্পর্কত কালিমা সানিছে একাংশ দুষ্ট চৰিত্রৰ শিক্ষাগুৰুৱে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্রীলৈ অশ্লীল মেছেজ দি অহাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ জনৈক সাহা উপাধিৰ এগৰাকী অধ্যাপকে দীর্ঘদিন ধৰি এগৰাকী ছাত্রীক অশ্লীল মেছেজ দি আহিছিল৷ ছাত্রীগৰাকীৰ বান্ধৱীৰ অভিযোগৰ ভিত্তিত মহাবিদ্যালয় কর্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি তদন্ত অব্যাহত ৰাখিছে৷ মহাবিদ্যালয়খনৰ এক বিশ্বস্ত সূত্রই জানিবলৈ দিয়া মতে বিষয়টো ইণ্টাৰনেল কমিটী এগেইনষ্ট ছেক্সুৱেল হাৰেছমেণ্টৰ বিচৰাধীন হৈ আছে৷ বিষয়টো সন্দর্ভত কমিটীয়ে উচ্চ শিক্ষা সঞ্চালকালয়লৈ অভিযুক্ত অধ্যাপকগৰাকীৰ বিৰুদ্ধে পত্র প্রেৰণ কৰিছে৷ ইফালে, মহাবিদ্যালয়খনৰ গগৈ উপাধিৰ আন এগৰাকী অধ্যাপকৰ বিৰুদ্ধেও ছাত্রীলৈ অশ্লীল মেছেজ দিয়াৰ অভিযোগ উঠিছে৷

You might also like