নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডৰ কলহভঙাত সতীয়া কন্যাক যৌন নির্যাতন ইমামৰ

নিয়মীয়া বাৰ্তা ২ জুলাইঃ বৰপেটাৰোডৰ কলহভঙাৰ বিদ্যাপাৰা বেংকৰপাৰ জামে মছজিদৰ ইমামৰ বিৰুদ্ধে সতীয়া কন্যাক ধর্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সৰভোগৰ বগৰীগুৰিৰ তথা কর্মসূত্রে বৰপেটাৰোডত সম্প্রতি বসবাস কৰা ৰফিকুল ইছলাম (৩৬) নামৰ ইমামজনে এই দুষ্কার্য কৰে৷

উল্লেখ্য যে ইমামজনে তিনিটা সন্তান থকা এগৰাকী মহিলাক আনি সংসাৰ কৰি আছিল৷ নিজৰ ফালৰ পৰা কোনো সতি–সন্ততি নাছিল৷ অভিযোগ মতে, কালি দিনৰ ভাগত উক্ত মহিলাগৰাকীৰ (পত্নী) পূর্বৰ স্বামীৰ ফালৰ পৰা থকা ১৫ বছৰীয়া কন্যাক ঘৰতে ধর্ষণ কৰে ইমাম ৰফিকুল ইছলামে৷ কিশোৰীগৰাকীৰ মাতৃয়ে বৰপেটাৰোড আৰক্ষী থানাত নিশা এজাহাৰ দাখিল কৰে৷ যোৱানিশা বৰপেটাৰোড থানাৰ ভাৰপ্রাপ্ত বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত যোৱা এটা দলে ৰফিকুল ইমামক গ্রেপ্তাৰ কৰে৷

You might also like