নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত খাৱৈত বাগৰি পৰিল চুপাৰঃ নিহত ১

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ধলপুৰত একে দিনাই দুটাকৈ পৃথক পৃথক পথ দুৰ্ঘটনা৷ গুৱাহাটী পৰা ধেমাজী অভিমুখে আহি থকা এ এছ-০১ ই চি ৮৫৫৬ নম্বৰ এখন চুপাৰে এগৰাকী চাইকেল আৰোহীক খুন্দা মাৰে ৷ চুপাৰখনৰ খুন্দাত চাইকেল আৰোহী জন ঠিতাতে মৃত্যু হয় ৷ মৃত লোক জন ধলপুৰ ৰজাবাৰীৰ নিবাসী চিৰঞ্জী দত্তৰ পুত্ৰ কিনাৰাম দত্ত (৬০) বুলি জানিব পৰা গৈছে ৷

চুপাৰ খনে কিনাৰাম দত্তক খুন্দা মাৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ৰজাবাৰী ৰংগমঞ্চৰ সন্মুখৰ এটা দ-খাৱৈত একতিয়া হৈ সোমাই যায় ৷ গাড়ীখন দখাৱৈত সোমাই পৰাত বাহনখনৰ ভিতৰত থকা বহু কেইগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷ যাত্ৰীসকলক স্থানীয় ৰাইজ আৰু ধলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি ধলপুৰ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে ৷ বাতৰি লিখা পৰলৈকে চুপাৰ খনত প্ৰকৃততে কিমান যাত্ৰী আছিল তাৰ কোনো সংবাদ লাভ কৰিব পৰা নাই ৷ ঘটনা সংঘটিত কৰি গাড়ীখনৰ চালককে আদিকৰি ষ্টাফ সকলো পলায়ন কৰে ৷

input:  মাধূৰ্য দাস,ধলপুৰ

You might also like