নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ জলজলী নৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শালমাৰা-চাক্লা পাৰঘাটৰ সমীপত জলজলী নৈত দেওবাৰে পুৱা এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰে৷

জানিব পৰা মতে চাক্লা গাঁৱৰ ৰাইজে ৰাতিপুৱা নদীত গা ধুবলৈ গৈ প্ৰত্যক্ষ কৰে মৃতদেহটো৷  স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষীক খবৰ দিয়ে যদিও মন্দিৰা আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়৷ পিছত বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বকো থানালৈ নিয়ে ৷ বাতৰি লিখা সময়লৈকে লোকজন চিনাক্ত হোবা নাই ৷

Input- কামাৰুজ জামান, বকো

You might also like