নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীৰামপুৰত কেইবা কোটি টকাৰ আফিং জব্দ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তত আজি ৰাতিপুৱা আৰক্ষীৰ তালাচীত বৃহৎ পৰিমানৰ আফিং জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে সদৰি কৰা মতে এক গোপন খৱৰৰ আত ধৰি শ্ৰীৰামপুৰস্থিত শিমলটাপু আৰক্ষী তালাচী চকীৰ দায়িত্বত থকা আৰক্ষী বিষয়া পল লাহলিমচাঙ আৰু কষ্টেবল মুকতাৰ আলিয়ে PB 10F/ 0167 নম্বৰৰ দহ চকীয়া ট্ৰাকত তালাচী চলায় ৷ গোপনে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ অনা ২০ টা পেকেট আনা নিষিদ্ধ আফিং খিনি জব্দ কৰে ৷

ইপিনে আৰক্ষীৰ তালাচীৰ উমান পাই ইতিমধ্যে ট্ৰাকৰ চালকে ট্ৰাক এৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷ জব্দকৃত আফিংখিনিৰ বজাৰ মূল্য প্ৰায় ২০ কোটিৰো অধিক হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

জব্দকৃত আফিং খিনি ক’ৰ পৰা কলৈ কঢ়িয়াই নিয়াৰ চেষ্টা চলাইছিল আৰু আফিং সৰবৰাহৰ লগত কোন জৰিত আছে সেই সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে ৷

input: ৰুবুল পাঠক

You might also like