নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনঃ মৰিয়নি–থাওৰা–ভৱানীপুৰ- তামুলপুৰত বিজেপি মিত্রজোঁটৰ এডভাণ্টেজ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত হ’বলগীয়া উপ–নির্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দল আৰু প্রার্থীসকলৰ মাজত প্রচাৰ অভিযান তুংগত উঠিছে৷ বিজেপি মিত্রজোঁটে এই উপ–নির্বাচনত আটাইকেইটা সমষ্টি দখলৰ বাবে যুদ্ধক্ষেত্রত নামি পৰিছে৷ ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্রেছে শাসকীয় দলক প্রত্যাহ্বান জনোৱাৰ বাবে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে৷ কংগ্রেছৰ সমান্তৰালভাৱে ৰাইজৰ দলেও বিশেষকৈ থাওৰা আৰু মৰিয়নি দখলৰ বাবে এইবাৰ নির্বাচনত অৱতীর্ণ হৈছে৷

অৱশ্যে ৰাজনৈতিক দল আৰু প্রার্থীসকলে নিজৰ বিজয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিলেও যোৱা বিধানসভা নির্বাচনৰ লগতে ২০১৬ চনৰ বিধানসভা নির্বাচনৰ ফলাফলৰ ভোটৰ বিন্যাস পর্যালোচনা কৰিলে মৰিয়নি, থাওৰা, ভৱানীপুৰ আৰু তামুলপুৰত বিজেপি মিত্রজোঁট যথেষ্ট সুবিধাজনক স্থানত আছে বুলিব পাৰি৷ সেইদৰে কংগ্রেছ আৰু এআইইউডিএফৰ উপস্থিতিয়ে গোসাঁইগাঁৱত বিপিএফৰ দুর্গত আঘাত হনাৰ সম্ভাৱনাই প্রকট৷

ইয়াৰ ফলত গোসাঁইগাঁও সমষ্টিত এইবাৰ ইউপিপিএল উপকৃত হোৱাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনত থাওৰা সমষ্টিত কংগ্রেছ প্রার্থী সুশান্ত বৰগোহাঁয়ে ২,০০৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল৷ কংগ্রেছ প্রার্থীগৰাকীয়ে ৪৮,০২৬টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্রার্থী কুশল দুৱৰীয়ে ৪৬,০২০টা ভোট লাভ কৰে৷ সেইদৰে ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপি প্রার্থী কুশল দুৱৰীয়ে ৪১,৫৬০টা আৰু কংগ্রেছৰ সুশান্ত বৰগোহাঁয়ে ৪০,৩৩৪টা ভোট লাভ কৰে৷ সেইবাৰ বিজেপি প্রার্থীগৰাকী ১,২২৬টা ভোটৰ ব্যৱধানত সমষ্টিটোৰ পৰা জয়ী হয়৷ যোৱা দুটা বিধানসভা নির্বাচনৰ ফলাফল পর্যালোচনা কৰিলে সমষ্টিটোত কংগ্রেছ আৰু বিজেপিৰ তীব্র প্রতিদ্বন্দ্বিতা হোৱাটো দেখা যায়৷

সেই অনুসৰি স্বাভাৱিক দৃষ্টিত এইবাৰো সমষ্টিটোত কংগ্রেছ আৰু বিজেপিৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা হ’ব বুলি ধাৰণা হয়৷ কিন্তু বাস্তৱত যোৱা দুয়োটা নির্বাচনতে সমষ্টিটোত কংগ্রেছ প্রতিদ্বন্দ্বিতালৈ অহাৰ অন্যতম কাৰক আছিল প্রার্থী সুশান্ত বৰগোহাঁই৷ এইবাৰ সুশান্ত বৰগোহাঁই বিজেপিত যোগদান কৰি দলটোৰ প্রার্থী হৈছে৷ এনে অৱস্থাত স্বাভাৱিকতে নিজা ভাবমূর্তিৰ বাবেও কংগ্রেছৰ বুজন পৰিমাণৰ ভোট তেওঁ লাভ কৰিব৷ বিজেপি দলৰ তৰফৰ পৰাও সমষ্টিটোত ৪০ হাজাৰৰ পৰা ৪৬ হাজাৰ ভোট আছে৷

তদুপৰি ৰাইজৰ দলৰ উপস্থিতিয়ে সমষ্টিটোত বিজেপি বিৰোধী ভোটৰ বিভাজন ঘটাব৷ এই সকলো সমীকৰণৰ পৰা বিশ্লেষণ কৰিলে থাওৰা বিজেপিয়ে সহজে দখল কৰাটো নিশ্চিত বুলিব পাৰি৷ সেইদৰে এইবাৰ বিধানসভা নির্বাচনত মৰিয়নিত কংগ্রেছৰ ৰূপজ্যোতি কুর্মীয়ে ২,৪৪৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ কুর্মীয়ে ৪৭,৩০৮টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্রার্থীগৰাকীয়ে ৪৪,৮৬২টা ভোট লাভ কৰে৷ সেইদৰে ২০১৬ চনৰ নির্বাচনতো সমষ্টিটোত কংগ্রেছৰ ৰূপজ্যোতি কুর্মীয়ে জয়লাভ কৰিছিল৷ সেইবাৰ কুর্মীয়ে ৩৬,৭০১টা ভোট লাভ কৰাৰ বিপৰীতে এনচিপিৰ প্রার্থীগৰাকীয়ে ৩৪,৯০৮টা আৰু বিজেপি প্রার্থীগৰাকীয়ে ১৪,৬০২টা ভোট লাভ কৰে৷

বিগত দুটা বিধানসভা নির্বাচনৰ ফলাফল পর্যালোচনা কৰিলে দেখা যায় যে সমষ্টিটোত বিজেপিৰ শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ তদুপৰি পূর্বৰ কংগ্রেছ প্রার্থীগৰাকীয়ে এইবাৰ উপ–নির্বাচনত বিজেপি প্রার্থী হিচাপে অৱতীর্ণ হৈছে৷ বিগত সময়ছোৱাত মৰিয়নি সমষ্টি কংগ্রেছৰ দখলত থকাৰ অন্যতম কাৰক আছিল ৰূপজ্যোতি কুর্মীৰ ব্যক্তিগত স্থিতি৷ এইবাৰ তেওঁ বিজেপি প্রার্থী হোৱাৰ লগে লগে কংগ্রেছৰ এক বুজন পৰিমাণৰ ভোট তেওঁৰ পক্ষলৈ আহিব৷ সেয়ে স্বাভাৱিকতে মৰিয়নিও বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনাই প্রকট৷

আনহাতে, যোৱা বিধানসভা নির্বাচনত ভৱানীপুৰ সমষ্টিত এআইইউডিএফৰ ফণী তালুকদাৰে ৩,২২৭টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ তালুকদাৰে ৫৫,৯৭৫টা ভোট লাভ কৰাৰ বিপৰীতে মিত্রজোঁট অগপৰ প্রার্থীগৰাকীয়ে ৫২,৭৪৮টা ভোট লাভ কৰে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত সমষ্টিটোত এআইইউডিএফৰ প্রার্থীগৰাকীয়ে ২৮,৩৮৮টা ভোট লাভ কৰি বিজয়ী হয়৷ সেইবাৰ সমষ্টিটোৰ নির্দলীয় প্রার্থী ফণী তালুকদাৰে ২৫,৯৪৪টা ভোট লাভ কৰে৷ বিজেপিয়ে ২২,৩৮০টা ভোট লাভ কৰে৷ এইবাৰ ফণী তালুকদাৰ বিজেপিৰ প্রার্থী হিচাপে উপ–নির্বাচনত অৱতীর্ণ হৈছে৷ ২০১৬ চনত নির্দলীয় হিচাপে অৱতীর্ণ হৈ তেওঁ প্রায় ২৬ হাজাৰ ভোট লাভ কৰিছিল৷

সেই অনুসৰি এইবাৰ উপ–নির্বাচনত তেওঁ বিজেপিৰ ভোটৰ লগতে অগপৰ ভোট আৰু নিজা ভোট মিলাই যোৱা বিধানসভা নির্বাচনতকৈ যে অধিক ভোট লাভ কৰিব, সেয়া উলাই কৰিব নোৱাৰি৷ তদুপৰি সমষ্টিটোত এইবাৰ উপ–নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফ দুয়োটা দলেই অৱতীর্ণ হৈছে৷ ফলত বিজেপিবিৰোধী ভোটৰ বিভাজন ঘটিব৷ ইয়াৰ ফলত বিজেপিৰ প্রার্থী ফণী তালুকদাৰেই শেষ হাঁহি মৰাৰ সম্ভাৱনা প্রকট বুলিব পাৰি৷

ইপিনে, যোৱা বিধানসভা নির্বাচনত তামুলপুৰ সমষ্টিৰ পৰা ইউপিপিএলৰ লেহোৰাম বড়োৱে ৩২,১৮৩টা ভোটৰ ব্যৱধানত বিজয়ী হয়৷ এইবাৰ সমষ্টিটোত বিপিএফে কোনো প্রার্থী দিয়া নাই৷ কংগ্রেছে প্রার্থী দিছে যদিও বিটিআৰ অঞ্চলত কংগ্রেছৰ সাংগঠনিক স্থিতি তেনেই দুর্বল৷ সেয়ে যোৱা বিধানসভা নির্বাচনৰ দৰে উপ–নির্বাচনতো সমষ্টিটোত ইউপিপিএলেই শেষ হাঁহি মৰাৰ সম্ভাৱনাই প্রকট৷ ইফালে, যোৱা বিধানসভা নির্বাচনত গোসাঁইগাঁও সমষ্টিত বিপিএফৰ মাজেন্দ্র নার্জাৰীয়ে ১০,৩৪৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ এই সমষ্টিটোত পূর্বৰ ২০০৬, ২০১১, ২০১৬ বিধানসভা নির্বাচনত বিপিএফৰ লগত এআইইউডিএফৰ তুমূল প্রতিদ্বন্দ্বিতা হৈছিল আৰু প্রতিবাৰেই বিপিএফেই কম ভোটৰ ব্যৱধানত জয়ী হৈছিল৷ এইবাৰ উপ–নির্বাচনত সমষ্টিটোত বিপিএফ, ইউপিপিএল, কংগ্রেছ, এআইইউডিএফ দল অৱতীর্ণ হৈছে৷

কংগ্রেছ–এআইইউডিএফৰ উপস্থিতিয়ে স্বাভাৱিকতে বিজেপিবিৰোধী ভোটৰ বিভাজন ঘটাব৷ সেইদৰে সমষ্টিটোত বিপিএফ দলৰ স্থিতিও যোৱা বিধানসভা নির্বাচনৰ তুলনাত যথেষ্ট দুর্বল হৈ পৰিছে৷ সকলো মিলি এইবাৰ উপ– নির্বাচনত সমষ্টিটোত ইউপিপিএল দল উপকৃত হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি৷

You might also like