নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী পাব্লিক স্কুল যোৰহাটৰ “পেডেল ফৰ হেল্থ” কাৰ্যসূচী সফলতাৰে সম্পন্ন

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ সু-স্বাস্থ্য আমাৰ জীৱনৰ সহচৰ। ব্যায়ামৰ জৰিয়তেই সু-স্বাস্থ্য, দীৰ্ঘায়ু, শক্তি আৰু সুখ লাভ কৰিব পাৰি। সেই উদ্দেশ্য আগত ৰাখিয়ে জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু সুস্থতাৰ সজাগতা সৃষ্টিৰ বাবে ‘ফিট ইণ্ডিয়া’ আন্দোলনৰ অধীনত যোৰহাটস্থিত দিল্লী পাব্লিক স্কুলৰ তৰফৰপৰা আয়োজন কৰা হয় “পেডেল ফৰ হেল্থ” শীৰ্ষক এক চাইকেল যাত্ৰা।

 

শনিবাৰে পুৱা ৫ বজাত যোৰহাটৰ জেইল ৰোডস্থিত হিৰ’ চাইকেল শ্ব’ৰোমৰ পৰা আৰম্ভ হোৱা এই চাইকেল যাত্ৰা গড়আলিৰ মাজেৰে হৈ বৰুৱা চাৰিআলিয়েদি চোলাধৰা হৈ ৭.৩০ বজাত সামৰণি পৰে পুনৰ হিৰ’ চাইকেল শ্ব’ৰোমতে। উল্লেখ্য যে উক্ত অনুষ্ঠানটি স্পনচৰ কৰিছিলে হিৰ’ চাইকেলছ আৰু বাইক এণ্ড হাইক এডভেনচাৰে ।

বিদ্যালয়খনৰ খেল বিভাগ আৰু প্ৰধান শিক্ষয়ত্ৰীৰ উদ্যোগত আয়োজন কৰা এই চাইকেল যাত্ৰাত অংশ লয় প্ৰায় শতাধিক লোকে। অংশগ্ৰহণকাৰীসকলৰ মাজত হিৰ’ৰ ফালৰ পৰা একোটাকৈ টুপী আৰু টি-চাৰ্ট বিতৰণ কৰা হয়।

ইফালে এই পদক্ষেপক শলাগ লৈ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য নিতেশ জৈন আৰু নিশান্ত জৈনে আগলৈও এইদৰে স্বাস্থ্য সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

You might also like