নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানাত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনাঃ তীব্ৰ গৰিহণা বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰ : শেহতীয়াকৈ তেলেংগানাৰ হায়দৰাবাদত এখন জনসভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অপ্ৰীতিকৰ পৰিস্থিতিৰ সম্মুখীন হোৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টে। দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্তৰায়ে কয় যে মুখ্যমন্ত্ৰী যি দলৰ অন্তৰ্গত নহওক কিয়, তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী। এই ক্ষেত্ৰত জনসভাত তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ এজন সদস্যই যিদৰে তেওঁৰ কাষ চাপিছিল, তেতিয়া তেওঁক শাৰীৰিকভাৱে অত্যাচাৰ কৰিব পাৰিলেহেঁতেন। সেয়েহে এই ঘটনা গ্ৰহণযোগ্য নহয়। মানুহজনে কেনেকৈ নিৰাপত্তাৰক্ষীৰ ইমান ওচৰ চাপিবলৈ সক্ষম হ’ল বুলি উল্লেখ কৰি প্ৰদীপ দত্তৰয়ে কয়, ভৱিষ্যতে এনে ঘটনা যাতে পুনৰ ঘটি নাযায় তাৰ প্ৰতি তদন্ত হ’ব লাগে। মুখ্যমন্ত্ৰীৰ সৈতে বিডিএফৰ ৰাজনৈতিক মতানৈক্য থকাৰ পিছতো আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। তেওঁ লগতে কয় যে, আমি বিগত সময়ছোৱাত মুখ্যমন্ত্রীৰ ভাল কামত সমর্থন কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম৷ এই প্ৰসংগত তেওঁ লগতে কয় যে, দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ‘নেতাজী’ৰ প্ৰতিমূৰ্তি স্থাপন কৰি এক ঐতিহাসিক কৰ্তব্য পালন কৰিছে আৰু এই পদক্ষেপৰ বাবে বিডিএফে তেওঁক হাত চাপৰি আৰু অভিনন্দন জ্ঞাপন কৰিছে। কিন্তু একে সময়তে অসমৰ বঙালীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে ডি জাননী, ডিটেনশ্যন কেম্প, নাগৰিকত্ব আদি বিষয়ত অসমৰ বাঙালী সকলে হাৰাশাস্তি কৰিব নালাগে। ডিটেনশ্যন কেম্প গুৰিৱাই দিব। কিন্তু বৰ্তমানলৈ এই পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰধানমন্ত্ৰীয়ে। গতিকে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি বিডিএফে আহ্বান জনায়।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like