নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ প্ৰাণ পাই উঠিব বুঢ়াচাপৰি বণ্যাপ্ৰাণী অভয়াৰণ্যইঃ DGP জিপি সিং

নিয়মীয়া বাৰ্তা ১০-মাৰ্চ: বুঢ়াচাপৰি বন্য প্ৰাণী সংৰক্ষিত অভয়াৰণ্যত আজি দুপৰীয়াৰ ভাগত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং।বুঢ়াচাপৰি উচ্ছেদিত অঞ্চল পৰিভ্রমন কৰি সংৰক্ষিত কৰাৰ কথা সদৰী কৰে জি পি সিংয়ে ।অতি শীৰ্ঘ্ৰেই এশিঙীয়া গঁড় এৰিব বুঢ়াচাপৰি বণ্যপ্ৰাণী অভয়াৰণ্যত ৷ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে বুঢ়াচাপৰিক সংযোজন কৰাৰ পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰী কৰে সঞ্চালক প্ৰধান গৰাকীয়ে ।অভয়াৰণ্যৰ ভূমি যাতে পুনৰ বেদখল কৰিব নোৱাৰে তাৰ বাবে বনকৰ্মী নিয়োগ কৰি শিবিৰ পাতি কটকটীয়া নিৰাপত্যাৰ ব্যৱস্থা কৰিব।বুঢ়াচাপৰি উচ্ছেদৰ পিছত উচ্ছেদিত অঞ্চললৈ আগমন ঘটিছে বাঘ আৰু হাতীৰ। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক বনৰীয়া জীৱ-জন্তৰ মুক্ত বিচৰনথলী কৰাৰ পৰিকল্পনাৰ কথাও সদৰী কৰে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

জহিৰুল ইছলাম/ৰূপহীহাট

You might also like