নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াত একেলগে বিয়াত বহিল ২৭ যোৰা দৰা-কইনা

নিয়মীয়া বাৰ্তা,  ১০মাৰ্চ : আৰ্থিক আৰু সামাজিক কেতবোৰ কাৰণত বিয়াত বহিবলৈ অসমৰ্থ একাংশ লোকক একগোট কৰি সামাজিকভাৱে বিবাহ  সম্পাদন হ’ল  ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱত।এযোৰ দুযোৰ নহয় একেলগে বিবাহত বহিল ২৭ যোৰ দৰা-কইনা।সমূহীয়া বিয়া উপলক্ষে বৃহস্পতিবাৰৰ পুৱাৰ পৰাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁৱৰ নামঘৰত।২৭যোৰা দৰা কইনাৰ লগতে তেওঁলোকৰ আত্মীয় স্বজনৰ উপস্থিতিৰে গাঁওখনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়৷মৰনৈ বেবেজীয়াৰ কৈবৰ্ত গাঁও যুৱ সমাজৰ উদ্যোগত আৰু নামঘৰ পৰিচালনা সমিতিৰ ব্যৱস্থাপনাত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনযোৰা কাৰ্য্যসূচীৰে সমূহীয়াভাৱে ২৭ খন বিয়া সম্পন্ন কৰা হয় ।বিভিন্ন অসুবিধাত আনুষ্ঠানিকভাৱে বিবাহ সম্পাদন কৰিব নোৱাৰা পাত্ৰ-পাত্রীসকলৰ সহায়-সুবিধাৰ্থে এই সমূহীয়া বিবাহৰ পদক্ষেপ গ্ৰহণ কৰা হয়।

আয়তীৰ উৰুলি আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ তথা দৰা-কইনাৰ ধৰ্মীয় ৰীতি-নীতি আৰু মাল্যদান আদি বৈদিক কৰ্মৰে সামাজিকভাৱে বিবাহ পাশত আবদ্ধ নোহোৱা ৫৪গৰাকী দৰা কইনাই সম্পন্ন কৰিলে বিবাহ কাৰ্য্য।লাজুকী হাঁহিৰে হোমৰ গুৰিত বহিল ককা আইতা,পেহা পেহী। ঢোলে দগৰে বিবাহ স্থলীলৈ মাক দেউতাককো আদৰি আনিলে পুত্ৰ কন্যাই।কোনোৱে যদি দেখিলে ককাক আইতাকৰ বিয়া,কোনোৱে দেখিলে মাক দেউতাকৰ বিয়া ।সকলোকে সাক্ষী কৰি আজিৰ পৰা ৫৪গৰাকী দৰা কইনাই সামাজিকভাৱে যুগ্ম জীৱন আৰম্ভ কৰিলে ঢকুৱাখনাৰ এই বিশেষ বিবাহ তলিৰ পৰা।বিয়া উপলক্ষে গাঁওখনৰ পুৰুষ-মহিলা , যুৱক-যুৱতী সকলোৱে মিলি আয়োজন কৰিলে ভোজভাতৰ।নাম প্ৰসংগৰে মুখৰিত হৈ পৰিল বিবাহস্থলী।উল্লেখ্য যে বিগত দুটা বছৰে ফাগুন মাহত গাঁওখনত এইদৰে সমূহীয়া বিবাহ সম্পন্ন হৈ আহিছে।ইফালে সামাজিকভাৱে স্বীকৃতি লাভ কৰি এইসকল দৰা কইনা উৎফুল্লিত হোৱাৰ লগতে এনে কাৰ্যই আৰ্থিক ভাৱে পিছপৰা লোকসকলকো বহু ক্ষেত্ৰত সকাহ দিব বুলি মন্তব্য কৰি গাওঁৰ যুৱ সমাজ,নামঘৰ পৰিচালনা সমিতিৰ এই ব্যতিক্ৰমী আৰু আড়ম্বৰপূৰ্ণ কাৰ্য্যসূচীৰ শলাগ লয় ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like