নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ষ্টেট বেংকৰ ৫ কৰ্মচাৰী কভিডত আক্ৰান্ত

প্ৰশাসনে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিলে বেংক

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ  ৰাজ্যৰ ভিন্ন প্ৰান্তৰআগতে ঢকুৱাখনাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা। ভাৰতীয় ষ্টেট বেংকৰ
ঢকুৱাখনাৰ শাখাৰ ৫ গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি ।

বেংকটোত কৰ্মচাৰীৰ ক’ভিড পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই আজি ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বেংকটোৰ কাম-কাজ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে।

You might also like