দুর্নীতিৰ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া অসমৰ ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক তথা জ্যেষ্ঠ এচিএছ বিষয়া লাচিক কুমাৰ দাসৰ বিৰুদ্ধে অব্যাহত আছে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ তদন্ত৷
কার্যালয়তে ৪৫ হাজাৰ টকা উৎকোচ গ্রহণ কৰি থকা অৱস্থাত হাতে–লোটে বিষয়াজনক দুর্নীতি নিবাৰকৰ দলে কৰায়ত্ত কৰাৰ পিছতে ওৰে নিশা তেওঁ বেলতলাৰ ৰাণী বাগানত থকা অভিজাত ফ্লেটত এটা দলে অভিযান চলায়৷
এই সন্দর্ভত নীৰিক্ষণ আৰু দুর্নীতিনিবাৰক সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান সুৰেন্দ্র কুমাৰে মহানগৰীৰ শ্রীনগৰস্থিত কার্যালয়ত আয়োজিত এখন সংবাদ মেলত দুর্নীতিগ্রস্ত বিষয়াজনৰ বিৰুদ্ধে পোৱা তথ্যসমূহ সন্দর্ভত সদৰী কৰে৷ সমগ্র ঘটনাটো বিৱৰি তেওঁ কয় যে এগৰাকী হিন্দু লোকে ভূমি মুছলমান সম্প্রদায়ৰ লোকৰ পৰা ক্রয় কৰাৰ বাবে প্রয়োজনীয় এন’চি বিচাৰি বিষয়া দাসৰ ওচৰত আবেদন জনাইছিল৷
ভূমিলেখ্য সঞ্চালকালয়ৰ ভূমি ক্রয়–বিক্রয়ৰ অনুমতিৰ বাবে প্রয়োজনীয় এন’চি দিয়াৰ ন’ডেল বিষয়াৰূপে কর্তব্যৰত আছিল দাস৷ অকল সেয়াই নহয়, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰো অতিৰিক্ত সচিব হিচাপে কর্মৰত আছিল জ্যেষ্ঠ এচিএছ বিষয়াজন৷
কিন্তু অনুমতিৰ বাবে এনঅ’চি বিচাৰি বিষয়া দাসৰ ওচৰত উপস্থিত হোৱা ব্যক্তিজনক এনঅ’চি দিয়াৰ বাবদ নগদ এক লাখ টকা উৎকোচ হিচাপে বিচাৰিছিল দাসে৷ ভুক্তভোগী লোকজনে বিচৰা ধন দিবলৈ অপাৰগতা প্রকাশ কৰাৰ পাছত বহু দৰ–দাম কৰি ৫০ হাজাৰ টকাৰ বিনিময়ত এনঅ’চিখন দিবলৈ ৰাজি হৈছিল দাস৷
তাৰ পিছতে ভুক্তভোগী লোকজনে এই বিষয়ক লৈ কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তৰ কাষ চাপে৷ জিলা আয়ুক্তৰ কার্যালয়ৰ পৰা অভিযোগটো নীৰিক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়লৈ প্রেৰণ কৰাৰ পিছতে অভিযানকাৰী দলে বিষয়াজনক হাতে–লোটে ধৰাৰ বাবে পৰিকল্পনা কৰে আৰু সেই পৰিকল্পনামর্মে কার্যালয়ত ৪৫ হাজাৰ টকা লৈ থকা অৱস্থাত হাতে–লোটে দাসক গ্রেপ্তাৰ কৰে৷
এইখিনিলৈকে ঠিকেই আছিল যদিও আচল কাহিনী আৰম্ভ হয় দুর্নীতিগ্রস্ত বিষয়াজনৰ বেলতলাৰ ৰাণী বাগানত থকা কুইন গার্ডেন এপার্টমেণ্টৰ ফ্লেটত দুর্নীতি নিবাৰকে চলোৱা অভিযানৰ সময়ত৷
তদন্তকাৰী দলটোৱে চলোৱা অভিযানত জব্দ হোৱা নগদ ধন আৰু আপত্তিজনক নথি–পত্র প্রত্যক্ষ কৰি হতভম্ব হৈ পৰে স্বয়ং তদন্তকাৰী বিষয়াই৷ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান সুৰেন্দ্র কুমাৰে কয় যে ধৃত দাসৰ শোৱনি কোঠাত চলোৱা তালাচীত তাত থকা আলমিৰাৰ এটা লকাৰৰ পৰা নগদ ৪৮,৩৮,১৫০ টকা নগদ ধন জব্দ কৰা হয়৷
তাতোকৈ আমোদজনক কথাটো হ’ল তদন্তকাৰী দলটোৱে অভিযানৰ সময়ত নগদ ধন জব্দ হোৱাৰ ধাৰণা কৰি নিজৰ সৈতে এটা টকা গণনা কৰা মেচিন নিছিল যদিও বিষয়া দাসৰ আলমিৰাত নগদ ধনৰ সৈতে টকা গণনা কৰা আন এটা নতুন মেচিনো জব্দ হয়৷
অর্থাৎ কি হাৰত দুর্নীতিৰে ধন বিষয়াজনে সংগ্রহ কৰিছিল, সেয়া এই সময়ত সকলোৰে বাবে আশ্চর্যৰ বিষয় হৈ পৰিছে৷ ইয়াৰ বাদেও তদন্তকাৰী দলটোৱে ফ্লেটটোৰ পৰা মুঠ ৯টা বিভিন্ন বেংকৰ পাছবুক জব্দ কৰাৰ লগতে ৮০ লাখ টকাৰ ফিক্সড্ ডিপ’জিটৰ ৰচিদো জব্দ কৰে৷
এই ফিক্সড্ ডিপ’জিটখিনি দাসৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আছিল৷ ইয়াৰ লগতে বিষয়া দাসৰ আলমিৰাৰ লকাৰৰ পৰা তদন্তকাৰী দলে জব্দ কৰিছে ৪৮৩.৫৪ গ্রাম সোণৰ আ–লংকাৰ৷ প্রায় আধা কিলোগ্রাম ওজনৰ এই আ–অলংকাৰখিনিৰ বজাৰ মূল্য আজিৰ তাৰিখত প্রায় ৮০ লাখ টকাৰ ওপৰত হ’ব বুলি ধাৰণা কৰিছে দুর্নীতি নিবাৰকে৷
এইখিনিৰ বাদেও বিষয়াজনৰ জিম্মাৰ পৰা কেইবাখনো এলআইচি পলিচী, প’ষ্টেল বীমাৰ লগতে মাটি সংক্রান্তীয় বহুসংখ্যক গুৰুত্বপূর্ণ নথি–পত্রও তদন্তকাৰী দলে জব্দ কৰিছে৷ এডিজিপি কুমাৰে সদৰী কৰা মতে, দুর্নীতিগ্রস্ত বিষয়াজনৰ ৰাজ্যৰ কেইবাঠাইতো ভূ–সম্পত্তিও আছে৷ এই সন্দর্ভত তদন্তকাৰী দলে পর্যাপ্ত সকলো তথ্য–প্রমাণ লাভ কৰিছে৷
উক্ত প্রমাণৰ ভিত্তিতে বিষয়াজনৰ সম্পত্তিৰ সন্ধান অব্যাহত ৰখা হৈছে৷ আজিৰ দিনটোটো ৰাণী বাগানৰ কুইন গার্ডেন এপার্টমেণ্টত থকা দাসৰ খুলশালীয়েকৰ আন এটা ফ্লেটত অভিযানকাৰী দলে ১.৫০ কোটিতকৈয়ো অধিক টকা জব্দ কৰিবলৈ সক্ষম হয়৷ অর্থাৎ সামগ্রিকভাৱে এতিয়ালৈকে ঘোচখোৰ দাসৰ জিম্মাৰ পৰা ১.৯৯ কোটিতকৈয়ো অধিক টকা উদ্ধাৰ কৰিছে৷
শেহতীয়াকৈ জব্দকৃত ধনৰ গণনা চলি আছে বুলি অভিযানকাৰী দলৰ সূত্রত প্রকাশ৷ উল্লেখ্য যে কালি দুর্নীতি নিবাৰক আইনৰ অধীনত ১৯/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি বিষয়াজনক আজি আদালতত হাজিৰ কৰিছে৷ প্রায় ৫ দিনৰ আৰক্ষীৰ জিম্মাত বিষয়াজনক বিচৰা হ’ব বুলি দুর্নীতি নিবাৰকে জানিবলৈ দিছে৷
লক্ষণীয় যে এসময়ত লখিমপুৰ জিলাৰ জিলা আয়ুক্তৰূপে কর্মৰত লাচিত কুমাৰ দাসে তেতিয়াৰ পৰাই বিভিন্ন কাম আদায়ৰ নামত বৃহৎ পৰিমাণৰ উৎকোচ লৈছিল৷ হোজাইত এডিচি ৰূপে কর্মৰত থকাৰ সময়তো বিষয়াজনৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷
অৱশ্যে উপযুক্ত তথ্য–প্রমাণৰ অভাৱত দুর্নীতি নিবাৰকে ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ সম্প্রতি বিষয়াজনৰ বিৰুদ্ধে থকা আন গোচৰসমূহো একত্রিত কৰি তদন্ত কৰাৰ ব্যৱস্থা দুর্নীতি নিবাৰকে গ্রহণ কৰাৰ লগতে বিষয়া দাসৰ বিৰুদ্ধে আয়বহির্ভূত সম্পত্তিৰ আন এটা গোচৰো পঞ্জীয়ন কৰাৰ প্রস্তুতি চলাইছে দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে৷
ডিজিটেল ডেস্ক, ২৩ মে’