নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৪৬তম শ্বহীদী দিৱসক লৈ ধুবুৰী গুৰুদ্বাৰা কৰ্তৃপক্ষৰে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ অহা ৬ ডিচেম্বৰৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা”ত অনুষ্ঠিত হ’ব শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ “শ্বহীদী দিৱস” উপলক্ষে তিনিদিনীয়া এক বিশেষ কাৰ্যসূচী। স্বয়ং গুৰু টেগবাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰাত প্ৰতি বছৰে পূৰ্বোত্তৰ শিখ প্ৰতিনিধী বোৰ্ডৰ উদ্যোগত আয়োজিত হৈ অহা এই “শ্বহীদী দিৱসৰ এই কাৰ্যসূচীয়ে এইবেলি ৩৪৬ বছৰত ভৰি দিব।

উল্লেখ্য যে, ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হোৱা শ্বহীদী দিৱসত অংশ ল’বলৈ সমগ্ৰ ৰাজ্য আৰু উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ–বিদেশৰ পৰাও ভক্তপ্ৰাণ শিখ ধৰ্মালৱম্বী লোকৰ আয়োজন ঘটে। অৱশ্যে যোৱা বছৰ ক’ভিড মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ শ্বহীদী দিৱস উদযাপিত কৰা হৈছিল যদিও বৰ্তমানে ক’ভিড পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী গুৰুদ্বাৰা কৰ্তৃপক্ষই চৰকাৰী ক’ভিড নিয়মাৱলীৰ মাজেৰে এইবেলি কিছু বিস্তৃত ভাৱে এইবাৰ শ্বহীদী দিৱস উদযাপিত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আগন্তুক শ্বহীদী দিৱসক লৈ যোৱাকালি সন্ধিয়া ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত ধুবৰীৰ “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা” কৰ্তৃপক্ষৰে জিলা প্ৰশাসনৰে এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হোৱা বুলিও প্ৰকাশ। জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত সেই বৈঠকখনত আগন্তুক শ্বহীদী দিৱসৰ সমূহ কাৰ্যসূচী সম্পূৰ্ণ ক’ভিড বিধি মানি পালনৰ সিদ্ধান্ত লোৱা হৈছে। বৈঠকখনত জিলা প্ৰশাসনৰ তৰফৰ পৰা এইবেলি শ্বহীদী দিৱসত অংশ ল’বলৈ অহা সকলো ভক্তই কমেও এপালি কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক বুলি স্পষ্ট কৰি দিয়াৰ সমান্তৰালকৈ ভেকচিন লোৱাৰ প্ৰমাণপত্ৰও ভক্তসকলৰ ল’গত থাকিব লাগিব বুলি স্পষ্ট কৰি দিয়া হোৱা বুলি জানিব পৰা গৈছে। বৈঠকখনত ভেকচিন নোলোৱা সকলৰ সুৱিধাৰ বাবে গুৰুদ্বাৰৰ সমীপত স্বাস্থ্য বিভাগে অস্থায়ী টীকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ ক’ভিডৰ ৰেপিড এন্টিজেন্ট টেষ্টৰ বাবে এটা পৰীক্ষা কেন্দ্ৰও স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বৈঠকখনত শ্বহীদী দিৱসত নিয়োজিত হোৱা স্বেচ্ছাসেৱক সকলক জিলা প্ৰশাসনৰ পৰা প্ৰমাণ পত্ৰ দিয়াৰ বিষয়টোকে ধৰি বাহিৰৰ পৰা ধুবুৰীত আহিবলগীয়া ভক্তসকলৰ বাহনৰ পাৰ্কিংৰ বিষয়টো লৈও বিস্তাৰিত ভাৱে আলোচনা হোৱা বুলি প্ৰকাশ। যোৱাকালি সন্ধিয়া অনুষ্ঠিত হোৱা সেই বৈঠকখনত জিলা উপায়ুক্তৰ উপৰিও আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী আৰু মানস শইকীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, ধুবুৰীৰ টাউন ক্লাৱ আৰু শোকাষ্টমী মেলা সমিতিৰ প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷

প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like