নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ সীমান্তৰ তিস্তাৰপাৰত ১ লাখ টকাৰ ন’কল ভাৰতীয় মুদ্ৰাকে ধৰি ৩৯টাকৈ সন্দেহজনক হিৰ’ইনভৰ্তি টেমা উদ্ধাৰ – গ্ৰেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ:ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী তিস্তাৰপাৰ অঞ্চলত আজি পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ন’কল ভাৰতীয় মুদ্ৰা সহ এজন ব্যক্তি কৰায়ত্ব হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বিএছএফৰ চোৰাংচোৱাই পোৱা এক তথ্যৰ ভিত্তিত, তিস্তাৰপাৰ অঞ্চলত ১৯ বি এন বিএছএফ আৰু আৰক্ষীয়ে অভিযান চলাইছিল। সেই অভিযানত ১ লাখ ভাৰতীয় ন’কল টকা উদ্ধাৰ কৰে দলটোৱে। ঘটনা সন্দৰ্ভত অঞ্চলটোৰ নূৰ ইছলাম শেখ নামৰ ন’কল ভাৰতীয় মুদ্ৰাৰ বেহাল সৈতে জড়িত এজন ব্যক্তিকো কৰায়ত্ব কৰিছে অভিযানকাৰী দলটোৱে। ব্যক্তিজনৰ পৰা হিৰ’ইন নামৰ মাৰাত্মক ড্ৰাগছ এবিধ থকা বুলি সন্দেহ কৰা সৰু সৰু ৩৯টাকৈ প্লাষ্টিকৰ টেমাও উদ্ধাৰ হোৱা বুলিও প্ৰকাশ। ঘটনা সন্দৰ্ভত, অইন দুজন ব্যক্তিকো আটক কৰি শোধপোচ চলাই থকা বুলিও আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

You might also like