নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত চাৰিখনকৈ দোকানত চলিল চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ: ধুবুৰী চহৰত একেলগে চাৰিখনকৈ দোকানত চুৰিকাৰ্য্য সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ধুবুৰী চহৰৰ এন. এছ. ৰোডস্থিত মূল বজাৰৰ ৰাজপথৰ গাতে লাগি থকা পপুলাৰ ষ্ট’ৰ, জগত ইলেকট্ৰিকেলচ, ৰেক্স ফুটৱাৰ আৰু কাষৰ এখন পাণ-তামোলাৰ দোকানত সংঘটিত হৈছে এই চুৰি কাণ্ড। আজি পুৱা চুৰিকাৰ্য্যৰ এই ঘটনাটো পোহৰলৈ আহে। চোৰে দোকান কেইখনৰ তলা ভাঙি নগদ ধনৰ উপৰিও কিছু সা-সামগ্ৰীও চুৰি কৰা বুলি প্ৰকাশ।

You might also like