নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী পৌৰসভাৰ জ্যেষ্ঠ সহায়ক প্ৰয়াত চৰিত্ৰ কুমাৰ দাসৰ স্মৃতি চাৰণ সভা-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ এক শোকাৱহ পথ দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা অৱস্থাত উন্নত চিকিৎসাৰ বাবে চুবুৰীয়া পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ নিয়াৰ পথত আদবাটতে অকাল মৃত্যুক সাৱটা ধুবুৰী পৌৰসভাৰ জ্যেষ্ঠ সহায়ক চৰিত্ৰ কুমাৰ দাসৰ আজি এক স্মৃতি চাৰণ সভা অৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ধুবুৰীস্থ পৌৰসভা কাৰ্য্যালয়ত পৌৰসভাটোৰ অধ্যক্ষ ডা৹ দেৱময় সান্যালে আঁত ধৰা সেই বিশেষ কাৰ্য্যসূচীত জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলাখনৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, উপ পৌৰপতি আইভি লতা ৰায়, ধুবুৰী আৰু গৌৰীপুৰৰ চক্ৰ বিষয়াকে ধৰি পৌৰসভাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰয়াত সহকৰ্মীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। উল্লেখ্য্ যে, যোৱা শনিবাৰৰ বিয়লিৰ ফালে চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰগলৈ গৈ থকা অৱস্থাত আদবাটৰ তুফানগঞ্জৰ কাছিয়াবাৰীঅঞ্চলৰ ৰাজপথৰ দাঁতিৰ এটা বৈদ্যুতিক খুটাত তেওঁ চলাই যোৱা মটৰ চাইকেলখন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু ফলত গুৰুতৰ ভাৱে আহত হয় তেওঁ। প্ৰথমাৱস্থাত কোচবিহাৰৰ মিছন হস্পিতালত চিকিৎসালয়ত দাসক ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত যোৱাকালি (সোমবাৰে) পুৱতি নিশা আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। যোৱাকালিয়েই ধুবুৰী শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় তেওঁৰ। নিয়তিৰ ওচৰত হাৰ মানি মাথো ৪৮ বছৰ বয়সতেই মৃত্যুবৰণ কৰা তথা ধুবুৰীৰ ১৩নং ৱাৰ্ডৰ বাসিন্দা চৰিত্ৰ কুমাৰ দাসে মৃত্যুৰ সময়ত ২ পুত্ৰ আৰু পত্নীক এৰি যায়। পৌৰসভাৰ সৰবৰহী এই কৰ্মচাৰীগৰাকীৰ এই আকষ্মিক মৃত্যুৰ বাতৰিয়ে তেখেতৰ সহকৰ্মী, আত্মীয়–স্বজন আৰু গুণমুগ্ধৰ মাজত শোঁকৰ ছা পেলাইছে এতিয়া।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like