নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত প্ৰৱঞ্চক গ্ৰেপ্তাৰঃ সেনাবাহিনীৰ চাকৰি প্ৰাৰ্থীৰ পৰা কৌশলেৰে সংগ্ৰহ কৰিছিল ফোন নম্বৰ

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ চৰকাৰৰ নানান প্ৰচেষ্টাৰ পিছতো ৰাজ্যত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল পেলোৱা একাংশ চক্ৰ বৰ্তমানেও সক্ৰিয় হৈ আছে । মৰিয়নিত সংঘটিত এক ঘটনাই এই বিষয়টো পোহৰলৈ আনিছে। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সংযোজন ‘অগ্নিপথ’ আঁ‌চনিৰ অধীনত মৰিয়নিৰ মিলিটেৰি ইঞ্জিনীয়াৰিং চাৰ্ভিছ চমুকৈ এম ই এছ চৌহদত চলি থকা অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে চাকৰি প্ৰাৰ্থীৰ মাজত প্ৰৱঞ্চনাৰ জাল পেলোৱা দুটাকৈ প্ৰৱঞ্চক মৰিয়নি আৰক্ষীৰ জালত পৰিছে । এই সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নিৰ এম ই এছ-ত যোৱা ৭ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অগ্নিবীৰৰ বাবে সেনা বাহিনীৰ বিভিন্ন পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে । এই নিযুক্তি প্ৰক্ৰিয়াত অসমৰ বিভিন্ন জিলাৰ শ শ যুৱক শাৰীৰিক সক্ষমতা পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে সুযোগ লৈ কেইটামান প্ৰৱঞ্চকে প্ৰৱঞ্চনাৰ জাল পেলাইছিল চাকৰি প্ৰাৰ্থীসকলৰ মাজত। ইয়াৰ বাবে তেজপুৰৰ পৰা অহা এটা পাঁ‌চজনীয়া প্ৰৱঞ্চকৰ দলে মৰিয়নিৰ লোকনাথ ল’জত বাহৰ পাতি আছিল। দলটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ এদিনৰ পূৰ্বেই অৰ্থাৎ ৬ ছেপ্টেম্বৰত মৰিয়নিত উপস্থিত হয়হি। পিছদিনাৰ পৰাই দলটো এম ই এছ ত উপস্থিত হৈ শাৰীৰিক সক্ষমতা পৰীক্ষা আৰু সাক্ষাৎকাৰ দিবলৈ অহা চাকৰি প্ৰাৰ্থীসকলৰ মাজত সোমাই পৰে। দলটোৰ সদস্যসকলে নিজৰ মোবাইলৰ ‘ৰিচাৰ্জ নাই’, ‘আউট গ’য়িং নাই’ আদি বিভিন্ন কথাকৈ চাকৰি প্ৰাৰ্থীসকলৰ পৰা ফোন কৰিবলৈ বুলি মোবাইল বিচাৰে। প্ৰৱঞ্চকৰ দলটোৰ সদস্যকেইটাই তেতিয়াই সেই মোবাইলৰ পৰা এটা নিৰ্দিষ্ট নম্বৰলৈ ফোন কৰে । তাৰ পিছতেই মোবাইলটো গৰাকীক উভতাই দিয়ে । বহুকেইজন চাকৰি প্ৰাৰ্থীৰ পৰা একেদৰেই মোবাইল লৈ ফোন কৰা দেখি স্থানীয় লোকৰ সন্দেহ উপজে । পিছত ১০ চেপ্তেম্বৰৰ ৰাতি স্থানীয় একাংশ ৰাইজে এটাক কৰায়ত্ত কৰি মৰিয়নিৰ আৰক্ষীক চমজাই দিয়ে । মৰিয়নিৰ আৰক্ষীয়ে ধৃত প্ৰৱঞ্চকটোক সোধ পোছ কৰাৰ অন্তত প্ৰৱঞ্চনাৰ কথা স্বীকাৰ কৰে । ধৃত প্ৰৱঞ্চকটো তেজপুৰ মিছন চাৰিআলিৰ ৰঞ্জন ভূঞা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে ৰঞ্জন ভূঞা আৰক্ষীৰ জালত পৰাৰ পিছতেই বাকী কেইটা প্ৰৱঞ্চক মৰিয়নিৰ পৰা পলায়ন কৰে । আৰক্ষীয়ে প্ৰৱঞ্চক কেইটা বাহৰ পাতি থকা লোকনাথ ল’জত অভিযান চলাই যদিও বিশেষ কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে। আৰক্ষীয়ে ধৃত ৰঞ্জন ভূঞাক আদালতত হাজিৰ কৰি তিনিদিনৰ বাবে নিজৰ জিম্মাত লয় আৰু ৰঞ্জন ভূঞাৰ স্বীকাৰোক্তি মৰ্মে কালি মৰিয়নিৰ আৰক্ষীয়ে অভিযান চলাই তেজপুৰৰ পৰা আন এটা প্ৰৱঞ্চকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত আনটো প্ৰৱঞ্চক তেজপুৰৰ বৰুৱা ডেকা চাৰিআলিৰ অমৃত শৰ্মা বুলি জানিবলৈ দিছে। ৰঞ্জন ভূঞাৰ স্বীকাৰোক্তি মতে, ধৃত অমৃত শৰ্মাৰ লগতে তেওঁৰ ভাতৃ অসীম শৰ্মা এই কাণ্ডৰ মুল মানুহ। ধৃত প্ৰৱঞ্চকদ্বয়ৰ স্বীকাৰোক্তি মতে, এইদৰে সংগ্ৰহ কৰা ফোন নম্বৰসমূহত কিছুদিনৰ পিছত যোগাযোগ কৰি গৰাকীক সেনা বাহিনী অথবা আন চাকৰি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ অভিযানত দলটো নামি পৰে। ৰঞ্জন ভূঞাৰ মতে, পাঁ‌চজনীয়া দলটো এটা দুদিন পিছত গুছি গৈছিল । আনহাতে, ৰঞ্জন দত্ত আৰক্ষীৰ জালত পৰাৰ পিছতেই বাকী তিনিটাও পলায়ন কৰে। মৰিয়নিৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ১২০ ( বি ) / ৪২০ / ৫১১ ধাৰাৰ অধীনত ১৩১ /২২ নম্বৰত এক গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিছে । সম্প্ৰতি মৰিয়নিৰ আৰক্ষীয়ে দুয়োকে সোধপোছ অব্যাহত ৰাখিছে। আৰক্ষীয়ে ভালদৰে ঘটনাৰ তদন্ত কৰিলে কেবাটাও প্ৰৱঞ্চক জালত পৰাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা প্ৰসংগই ৰাজ্য উত্তাল কৰি থকাৰ সময়তে সংঘটিত এই ঘটনাই মৰিয়নিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like