নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময়মতে মাংস নিদিয়াৰ বাবেই ধাবাত অগ্নিসংযোগ মাতাল যুৱকৰঃ আটক অভিযুক্ত

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ নাগপুৰত ঘটিছে এক আচৰিত ঘটনা। নিশা কিছু মাতাল লোকে ধাবাত অগ্নি সংযোগ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। কিন্তু শুনি আচৰিত হ’ব যে মাত্ৰ ধাবাখনৰ কৰ্তৃপক্ষৰ দোষ এয়াই আছিল যে তেওঁলোকে মাতাল লোকসকলক মুৰ্গী মাংস দিবলৈ অস্বীকাৰ কৰিছিল। কিয়নো ধাবাত ইতিমধ্যে মাংস শেষ হৈছিল। বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্তকেইজনক আটক কৰিছে।

লগতে পঢ়কঃ আঙঠি পিন্ধোৱাৰ পাছত পাত্ৰীৰ সৈতে শাৰীৰিক সম্পর্ক, পাছত বিয়া পাতিবলৈ কৰিলে অস্বীকাৰ

এই ঘটনাটো সংঘটিত হৈছে নাগপুৰৰ বেলটৰোডী অঞ্চলত। দেওবাৰে নিশা প্ৰায় ১ বজাত পথৰ কাষৰ এখন ধাবাত ২৯ বছৰীয়া শংকৰ তায়াদ আৰু ১৯ বছৰীয়া সাগৰ পেটেলে আহাৰ গ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল। তেওঁলোকে ধাবাৰ মালিকক মুৰ্গী মাংসৰ অৰ্ডাৰ কৰিছিল, কিন্তু নিশা ১ বজাৰ বাবে ইতিমধ্যে ধাবাখনত প্ৰায় সকলো খাদ্যই শেষ হৈছিল। যাৰ বাবে মালিকে তেওঁলোকক সেই বিষয়ে অৱগত কৰিছিল। কিন্তু নিচাত মাতাল হৈ থকা দুই অভিযুক্তই সেই খঙতে গোটেই ধাবাখনতে অগ্নী সংযোগ কৰে।

You might also like