নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাই গাঁও সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী জয় নিশ্চিত এই দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ – অসম বিধান সভাৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে । ৰাজনৈতিক দলৰ নেতা পালি নেতা সকলোৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । আসন্ন অসমৰ উপনিৰ্বাচনত সকলো দলেই নিজৰ নিজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি ভিতৰি ভিতৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । এই ক্ষেত্ৰত পিছপৰি থকা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও । বিপিএফ দলে গোসাইগাঁও সমষ্টিত ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ব্যপক প্ৰচাৰ আৰম্ভ কৰিছে ।

বিপিএফ দলে গোসাইগাঁও সমষ্টিটোৰ দায়িত্ব কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক পৰ্য্যাবেক্ষনৰ দায়ত্বি প্ৰদান কৰাৰ পিছত এক আলোড়নৰ সৃষ্টি হৈছে সমষ্টিটোত । আজি এক সাক্ষাৎকাৰত বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে গোসাইগাঁও সমষ্টিটো বিপিএফ দলৰ দখলত আছিল আৰু এইবেলিও থাকিব । ইয়াত কোনো দল বা কোনো প্ৰাৰ্থী ফেক্টৰ নহয় । প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পিপিএল দলে একো কাম কৰা নাই । বিগত দহ মাহে একো উন্নয়ন কৰিব পৰা নাই । মানুহে বিপিএফ দলক ভাল পায় আৰু বিপিএফ দলৰ এতিয়ালৈকে একো ক্ষতি হোৱা নাই সেই বাবে সমষ্টিবাসীয়ে বিপিএফ দলকে ভোট প্ৰদান কৰিব আৰু বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ জয় লাভ কৰা টো স্পষ্ট বুলি দাবী বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ।

You might also like