নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও ছোৱালী কলেজৰ হীৰক জয়ন্তীৰ স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ নগাঁও ছোৱালী কলেজৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আৰু নৱাগতা আদৰণি অনুষ্ঠানটি বৰ্ণিল কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয়। এই উপলক্ষে দিনৰ ১০:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাৰ শুভাৰম্ভ কৰা হয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা প্ৰাৰ্থনা হাজৰিকাৰ সত্ৰীয়া নৃত্যৰে। মুকলি সভাত সভাপতিত্ব কৰে নগাঁও ছোৱালী কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড০ তোষেশ্বৰ নাথে। সভাৰ উদ্দেশ্য বাখ্যা কৰে আভ্যন্তৰীণ মান প্ৰতিশ্ৰুতি কোষৰ সমন্বয়ক ৰঞ্জিত বৰুৱাই। আদৰণি ভাষণ আগবঢ়ায় নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড০ বলীন কুমাৰ ভূঞাই । ছাত্ৰী একতা সভাৰ হৈ বক্তব্য আগবঢ়ায় সাধাৰণ সম্পাদিকা শুভাঙ্গী কাশ্যপে। মুকলি সভাত হীৰক জয়ন্তীৰ বক্তৃতা প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে কয় যে হিব্ৰুভাষাত jokhar(jokhar) শব্দটোৰ অৰ্থ হৈছে মনত ৰখা। প্ৰয়াত মনীষিৰ এই আপ্ত বাক্যৰে আৰম্ভ কৰি তেখেতে বিভিন্ন দিশৰ আলোচনাৰে এটি অতি সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে ভাষণ প্ৰসঙ্গত অসমৰ ইতিহাসক প্ৰধানকৈ কুমাৰ ভাস্কৰ বৰ্মাৰ যুগ, শঙ্কৰী যুগ আৰু উনবিংশ শতিকাৰ নৱজাগৰণৰ যুগ আদি কৰি তিনিটা যুগত ভাগ কৰিব পাৰি বুলি উল্লেখ কৰে ৷সভাত নগাঁও ছোৱালী কলেজৰ অধ্যাপক- অধ্যাপিকাসকলৰ হৈ বক্তব্য প্ৰদান কৰে ড০ মীৰা বৰুৱা আৰু শৰৎ হাজৰিকাই। সেইদৰে প্ৰাক্তন ছাত্ৰীৰ হৈ দিপ্তী দেৱী শৰ্মা আৰু প্ৰাক্তন অধ্যাপক – অধ্যাপিকাৰ হৈ ড০ মঞ্জু লস্কৰে অনুভৱ ব্যক্ত কৰা সভাখনিত নৱাগত ছাত্ৰী সকলৰ হৈ নিৰ্মালী মেধি, কনিচা দত্ত, পূজা শৰ্মা আদিয়ে নিজস্ব অনুভৱ ব্যক্ত কৰে। শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ জোনালী মুদৈয়ে আঁত ধৰা সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ অমিয়া পাটৰে।

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

You might also like