নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত অগপৰ কৰ্মশালা : ব্যাপক সাংগঠনিক তৎপৰতাৰে নিৰ্বাচনী প্ৰস্তুতি

গুৱাহাটী ১২ ছেপ্টেম্বৰঃ আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ এখনি কৰ্মশালা দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। কৰ্মশালাত মূলতঃ নতুন সদস্য ভৰ্তি, নবীকৰণ আৰু পুঁজি সংগ্ৰহৰ ওপৰত বিষদভাৱে আলোচনা কৰাৰ লগতে অনলাইন ব্যৱস্থা সম্পৰ্কে বাখ্যা দিয়া হয়। কৰ্মশালা উদ্বোধন কৰি দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই সময়ৰ লগত খোজ মিলাই তথ্য প্ৰযুক্তিৰ সহায়ত দলক আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে। সভাপতি বৰাই লগতে কয় যে, দলৰ সাংগঠনিক ভেটি সকলো স্তৰতে মজবুত কৰি এক অপ্ৰতিৰোধ্য শক্তি হিচাপে দলটোক গঢ়িবলৈ আহ্বান জনায়। দলে নিজৰ জন্মলগ্নৰ মূল উদ্দেশ্যৰ পৰা বিচলিত নোহোৱাকে প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰণাৰে জনসাধাৰণৰ কাষত থাকি কাম কৰিবলৈ বৰাই আহ্বান জনায়। কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই শেহতীয়া কাৰ্য্যসূচীৰ জৰিয়তে দলে নতুন মাত্ৰা লাভ কৰা বুলি মন্তব্য কৰি দলৰ প্ৰতিগৰাকী সদস্যকে একোগৰাকী যোদ্ধাৰূপে নিজকে আত্মনিয়োগ কৰি দলৰ সিদ্ধান্তসমূহ কাৰ্য্যকৰীকৰণত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়। ৰাজ্যখনৰ প্ৰতিটো বিধান পৰিষদ, জিলা পৰিষদ আৰু ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ চাৰি শতাধিক বিষয়ববীয়া আৰু সদস্যই অংশ গ্ৰহণ কৰা এই কৰ্মশালাৰ আতঁধৰে সাধাৰণ সম্পাদক মনোজ শইকীয়াই। কৰ্মশালাত অনলাইন ব্যৱস্থাৰ ওপৰত উপ-সভাপতি বিষ্ণু দাসে, সদস্য ভৰ্তিকৰণ আৰু নবীকৰণ সম্পৰ্কত নৃপ কুমাৰ ফুকনে আৰু পুঁজি সংগ্ৰহৰ ওপৰত সম্পাদক বিত্ত জয়ন্ত খাউণ্ডে বাখ্যা আগবঢ়ায়। সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে। কৰ্মশালাই অহা ৬ মাহৰ ভিতৰত দহ লক্ষাধিক নতুন সদস্যভৰ্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে চেপ্তেম্বৰ মাহৰ ভিতৰত প্ৰতিখন জিলাতে অনুৰূপ ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। কৰ্মশালাই প্ৰতিটো বিধান সভা সমষ্টিতে সমানে সাংগঠনিক ভেটি তৃণমূল পৰ্য্যায়ৰ পৰা নতুন ৰূপত গঢ়ি তোলাৰ লগতে ৰাজ্যখনৰ স্বাৰ্থত অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ সকলোকে মুকলি আহ্বান জনায়।

You might also like