নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথত বজাৰ

ন্যায়ালয়ৰ নির্দেশনা উলংঘাঃ ছিণ্ডিকেট চক্রক উৎখাতত ব্যর্থ পৌৰ নিগম

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে ফাঁচীবজাৰৰ পদপথত চলি আহিছে বজাৰ৷ ৰাজনৈতিক আশিসপুষ্ট এটা শক্তিশালী ছিণ্ডিকেট চক্রই বছৰৰ পাছত বছৰ ধৰি এছ এছ ৰোডত পদপথৰ ব্যৱসায়ীৰ পৰা ধন সংগ্রহ কৰি আহিছে৷ এই শক্তিশালী ছিণ্ডিকেট চক্রটোৱে গুৱাহাটীৰ পৌৰ নিগমৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে এছ এছ ৰোডৰ পদপথত ব্যৱসায় চলাই আহিছে৷ ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ বজাৰ উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশনা জাৰি কৰিছিল৷ ন্যায়ালয়ৰ নির্দেশনা অনুসৰি পৌৰ কর্তৃপক্ষই ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিছিল৷

এই ব্যৱসায়ীসকলক পৌৰ নিগম কর্তৃপক্ষই ফাঁচীবজাৰৰ জি এম চি মার্কেটলৈ স্থানান্তৰিত কৰাৰ কথা আছিল৷ ফাঁচীবজাৰৰ জি এম চি মার্কেটত এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলক স্থানান্তৰিত কৰাৰ বাবে ১৫ লক্ষাধিক টকা ব্যয়েৰে জি এম চি মার্কেটত নির্মাণকার্য চলাইছিল৷ কিন্তু আজিলৈকে ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলক জি এম চি মার্কেটলৈ স্থানান্তৰিত কৰিব নোৱাৰিলে পৌৰ নিগম কর্তৃপক্ষই৷ অভিযোগ অনুসৰি জি এম চিৰ একাংশ অসাধু বিষয়া–কর্মচাৰীৰে হোৱা গোপন বুজাবুজিৰ বাবে ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথত আজিও চলি আছে বজাৰ৷ ৰাজনৈতিক আশিসপুষ্ট এই ছিণ্ডিকেট চক্রটোৱে এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীৰ পৰা প্রতিদিনে সংগ্রহ কৰি আহিছে হাজাৰ হাজাৰ গুণ্ডাকৰ৷

প্রতিদিনে সংগৃহীত হোৱা বৃহৎ পৰিমাণৰ গুণ্ডাকৰৰ এটা মোটা অংক পৌৰ নিগমৰ অসাধু বিষয়া–কর্মচাৰীয়ে নিয়মীয়াকৈ লাভ কৰি আহিছে৷ ইয়াৰ উপৰি ফাঁচীবজাৰ আৰক্ষী চকীৰ একাংশ বিষয়া–কনিষ্টবলেও এই পদপথৰ ব্যৱসায়ীসকলৰ পৰা সংগ্রহ কৰি আহিছে গুণ্ডাকৰ৷ যাৰ ফলত ন্যায়ালয়ৰ নির্দেশনা উলংঘাৰে এছ এছ ৰোডৰ পদপথত ছিণ্ডিকেট চক্রটোৱে চলাই আহিছে বজাৰ৷ পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ বিভিন্ন স্থানত পদপথত ব্যৱসায় কৰি অহা ক্ষুদ্র ব্যৱসায়ীসকলক উচ্ছেদ কৰি শক্তি প্রদর্শন কৰিছে৷ তদুপৰি পৌৰ নিগম কর্তৃপক্ষই এই পদপথৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে চলাই আহিছে উচ্ছেদ অভিযান৷ কিন্তু ৰহস্যজনক কাৰণত ন্যায়ালয়ৰ নির্দেশনাৰ পাছতো ফাঁচীবজাৰৰ এছ এছ ৰোডৰ পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰা নাই৷ নৱনিযুক্ত পৌৰ আয়ুক্তই ফাঁচীবজাৰৰ এছ এছ ৰোডত ৰাজনৈতিক আশিসপুষ্ট ছিণ্ডিকেট বাহিনীয়ে চলাই অহা পদপথৰ বজাৰখন উচ্ছেদ কৰাৰ বাবে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like