নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৰীয়া মহাবিদ্যালয়ত ক’ৰোনা আতংক, শিক্ষক-কৰ্মচাৰীসহ ২১জন আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ক’ৰোনাৰ ভয়াৱহতাৰ লগত সমযোজন ঘটনাই ৰাজ্য চৰকাৰে স্কুল-কলেজসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে কৰোনা টেষ্ট কৰাৰ লগতে দীৰ্ঘদিনে বন্ধ হৈ থকা স্কুল কলেজসমূহো চেনীটাইজ কৰি পৰিস্কাৰ কৰা হৈছিল। তেনেসময়ৰ মাজতে ডিমৰীয়া মহাবিদ্যালয়ত ক’ভিড-১৯ৰ আতংক। কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে। 

ক’ভিডত আক্ৰান্তসকলৰ ভিতৰত আছে দুজন কেণ্টীনৰ কৰ্মচাৰী আছে। কেণ্টিনখনলৈ ছাত্ৰ-ছাত্ৰীসকলৰ সঘনে অহা-যোৱাৰ কৰা বাবে এতিয়া আতংকিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল।

You might also like