নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীৰ টকাৰে তোলনি বিয়া খালে হেড মাষ্টৰণী–সহঃশিক্ষকে

ডিমৌৰ বিদ্যালয়ত অবৈধ ধন সংগ্রহ

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কার্যালয়ৰ অধীন এখন প্রাথমিক বিদ্যালয়ত কালি সংঘটিত এক আজব কাণ্ডই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ধ্যান গোলাদৈ জনজাতি আদর্শ প্রাথমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা৷ বিদ্যালয়খনৰ প্রধান শিক্ষয়িত্রী ৰিণু বৰুৱাই বিদ্যালয়ৰ নাতিদূৰত অনুষ্ঠিত এক তোলনি বিবাহ অনুষ্ঠানৰ উপহাৰৰ বাবে ছাত্র–ছাত্রীসকলৰ পৰা ১০ টকাকৈ বৰঙণি বিচৰা বুলি অভিভাৱক–ভিভাৱিকা অভিযোগ উত্থাপন কৰে৷ হাতত ধন নথকা কণ কণ ছাত্র–ছাত্রীসকলে ঘৰলৈ গৈ মাক–দেউতাকক বাইদেৱে দহ টকাকৈ বিচৰা বুলি অৱগত কৰে৷ অভিভাৱকৰ অভিযোগ অনুসৰি প্রধান শিক্ষয়িত্রীগৰাকীয়ে বিয়াৰ উপহাৰৰ বাবে দহ টকা লাগে বুলি ছাত্র–ছাত্রীসকলক অৱগত কৰে৷ সেই মর্মে কেইবাগৰাকী ছাত্র–ছাত্রীয়ে প্রধান শিক্ষকগৰাকীৰ হাতত দহ টকাকৈ জমা দিয়াৰ পিছতে ১২ বজাৰ পূর্বেই বিদ্যালয় ছুটী দি প্রধান শিক্ষয়িত্রী ৰিণু বৰুৱা আৰু সহঃ শিক্ষক গৌৰী গগৈ বিবাহস্থলীত উপস্থিত হৈ ছাত্র–ছাত্রীৰ টকাৰে উপহাৰ দি তৃপ্তিৰে বিয়াৰ অভ্যর্থনাৰ জুতি গ্রহণ কৰে৷

তেনে সময়তে অভিভাৱকৰ পৰা লাভ কৰা খবৰ অনুসৰি ডিমৌৰ পৰা সংবাদ মাধ্যমৰ এটা দল উপস্থিত হৈ বিদ্যালয়খন বন্ধ অৱস্থাত প্রত্যক্ষ কৰে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰহেশ্বৰ মেছকে ধৰি স্থানীয় ভালেসংখ্যক অভিভাৱক–ভিভাৱিকা ওলাই আহি দুয়োগৰাকী শিক্ষক–শিক্ষয়িত্রী বিয়া ঘৰত থকা আৰু ছাত্র–ছাত্রীসকল বিদ্যালয় ছুটী দিয়াত ঘৰতে থকা বুলি অৱগত কৰে৷ পিছত দুয়োগৰাকী শিক্ষক–শিক্ষয়িত্রী বিদ্যালয়ৰ মুখলৈ আহি পৰিচালনা সমিতিৰ ককর্থনাৰ সন্মুখীন হোৱাৰ লগতে কেতবোৰ স্ববিৰোধী মন্তব্যৰে নিজকে ধোৱাতুলসীৰ পাত সজাবলৈ চেষ্টা কৰে যদিও বিয়াৰ উপহাৰৰ বাবে ছাত্র–ছাত্রীৰ পৰা ধন সংগ্রহ কৰাটো আৰু বিয়াৰ বাবেই বিদ্যালয় ছুটী দিয়াটো একপ্রকাৰ স্বীকাৰ কৰে৷ এতিয়া প্রশ্ণ হয় ছাত্র–ভিভাৱকৰ মুকলি অভিযোগ আৰু শিক্ষা বিভাগৰ সদ্যঘোষিত কঠোৰ নির্দেশনাৰ সময়ত বাৰ বজাৰ পূর্বেই বিদ্যালয় ছুটী দিয়াটো কিমান সমীচীন সেয়া সংশ্লিষ্ট কর্তৃপক্ষইহে বিবেচনা কৰিব৷

You might also like