নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্জীৱিত আৰক্ষী

দুলীয়াজানত দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনৰ অন্ত পৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন আঠমহীয়া বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ কার্যকালত এইখন আছিল আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন৷ যোৱা আঠ মাহত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীগৰাকী দুবাৰকৈ আৰক্ষী অধীক্ষক আৰু অসম আৰক্ষীৰ শীর্ষ বিষয়াসকলৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হৈছে৷ ড০ শর্মাই গৃহ বিভাগৰ দায়িত্ব গ্রহণ কৰাৰ পাছতে শেহতীয়াকৈ উজ্জীৱিত ৰূপত দেখা গৈছে অসম আৰক্ষীক৷ আৰক্ষী বিষয়াৰ সৈতে গৃহমন্ত্রীজনে নিয়মীয়া পর্যালোচনা, আৰক্ষী অধীক্ষক সন্মিলন আদিয়ে দৰাচলতে উজ্জীৱিত কৰি তুলিছে অসম আৰক্ষীক৷ এখন অপৰাধমুক্ত তথা আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রিত ৰাজ্য গঢ়াৰ ক্ষেত্রত এনে পদক্ষেপসমূহ অতি ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে গৃহ বিভাগৰ দায়িত্ব লৈয়ে মুখ্যমন্ত্রী ড০ শর্মাই ড্রাগ্ছ তথা অপৰাধজনিত ঘটনা আৰু ৰাজ্যখনত চলি থকা কয়লা, চুপাৰি, গো–ধনৰ চোৰাং সৰবৰাহ আৰু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছিল৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ অসম আৰক্ষীক নির্দেশ দিয়াৰ পাছতে তৎপৰতা আৰম্ভ হয়৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন স্থানত কোটি কোটি টকাৰ ড্রাগ্ছ জব্দ হোৱাৰ লগতে বন্ধ হৈছে চুপাৰি, গো–ধন আদিৰ চোৰাং সৰবৰাহ৷ বিভিন্ন অপৰাধৰ সৈতে জড়িত ব্যক্তিৰ এনকাউণ্টাৰৰ পিছত ক্রমাৎ নিয়ন্ত্রণলৈ আহিছে অপৰাধজনিত ঘটনা৷ একেনিশাই ৬০০তকৈও অধিক মাটিৰ দালাল আৰু ভূ–মাফিয়াক গ্রেপ্তাৰ কৰাৰ পাছত বন্ধ হৈছে মাটি–কিনা বেচাৰ নামত চলি থকা বৃহৎ দালালৰ বজাৰখন৷ দুর্নীতিত অভিযুক্ত বহু বিষয়া–কর্মচাৰীও এতিয়াও হৈছেগৈ ৰঙাঘৰৰ আলহী৷ এনেদৰে আঠ মাহৰ ভিতৰতে ৰাজ্যৰ বিশাল আৰক্ষী বাহিনীটোক তৎপৰ আৰু উজ্জীৱিত কৰি তোলাৰ আঁৰত আছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীৰ বিচক্ষণ কৌশল৷ যোৱা ৩১ ডিচেম্বৰৰ নিশাটো দুর্ঘটনামুক্ত কৰি ৰাখিবলৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে মুখ্যমন্ত্রীয়ে যি অভিযানৰ নির্দেশ দিছিল সেই নির্দেশৰ পাছত ৩১ ডিচেম্বৰত কোনোধৰণৰ দুর্ঘটনা সংঘটিত নোহোৱাটো ৰাজ্যখনৰ বাবে এক ইতিবাচক বতৰা৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়েই ক্ষান্ত নাথাকি আৰক্ষী আৰু পৰিবহণ বিষয়াৰ সৈতে পুৱতিনিশাপর্যন্ত মহানগৰীৰ ৰাজপথত নিজেই উপস্থিত থকাটোৱে বাধ্য কৰাইছিল আৰক্ষী তথা সংশ্লিষ্ট বিষয়া–কর্মচাৰীসক কর্তব্য পালনৰ প্রতি নিষ্ঠাৱান হোৱাৰ বাবে৷ এনে যৌথ প্রচেষ্টাৰ বাবেই মুখ্যমন্ত্রীৰ আহ্বান সফলকাম হৈ উঠে ৩১ ডিচেম্বৰৰ নিশা৷
বিগত সময়ছোৱাত অসম আৰক্ষীৰ বিভিন্ন অভিযান তথা পদক্ষেপৰ ক্ষেত্রত ৰাজনৈতিক হেঁচা আৰু ‘ওপৰৰ নির্দেশ’ অন্যতম হেঙাৰ হিচাপে চিহ্ণিত হৈ আহিছিল৷ যিকোনো অপৰাধজনিত ঘটনাত জড়িত অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ ৰাজনৈতিক হেঁচা প্রয়োগ কৰাৰ ফলত কার্যতঃ স্থবিৰ হৈ ৰৈছিল আৰক্ষীৰ অভিযান৷ এনে ঘটনাসমূহে আৰক্ষীৰ মনোবলো ক্রমাৎ হ্রাস কৰি আনিছিল৷ কিন্তু নতুন চৰকাৰে এনে বিষয়সমূহত ৰাজনৈতিক হস্তক্ষেপ অথবা হেঁচা সম্পূর্ণৰূপে বন্ধ কৰি দিয়াৰ পিছত এতিয়া আৰক্ষীয়ে মুক্তভাৱে অভিযান চলাবলৈ সক্ষম হৈছে৷ আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রতো আৰক্ষীৰ ওপৰত থকা হেঁচা হ্রাস পোৱাটো অতিকে শুভ লক্ষণ৷ এনেদৰে মুক্তভাৱে আৰক্ষী কাম কৰিবলৈ সক্ষম হ’লে ৰাজ্যখনক অপৰাধমুক্ত কৰি তুলিবলৈ বেছি সময়ৰ প্রয়োজন নহ’ব বুলি অনুমান কৰিব পাৰি৷ ইতিমধ্যে অসম আৰক্ষীৰ শীর্ষ পর্যায়ত সংঘটিত হৈ থকা দুর্নীতি–নিয়মৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰাৰ পাছত একাংশ দুর্নীতিগ্রস্ত আৰক্ষী বিষয়াও সংযত হ’বলৈ বাধ্য হৈ পৰিছে৷ এইক্ষেত্রত আৰক্ষী অধীক্ষকৰ সন্মিলনসমূহো অতিকে গুৰুত্বপূর্ণ বিবেচিত হৈ আহিছে৷ এখন জিলাৰ আৰক্ষী অধীক্ষকজনৰ ওপৰত বহু গুৰুত্বপূর্ণ দায়িত্ব অর্পিত থাকে৷ দৰাচলতে জিলাখনক অপৰাধমুক্ত আৰু অবৈধ কার্যকলাপ মুক্ত কৰি ৰখাৰ ক্ষেত্রত আৰক্ষী অধীক্ষকজনৰ দায়িত্ব অপৰিসীম৷ সেই বাবেই মুখ্যমন্ত্রীয়ে অনুষ্ঠিত কৰা আৰক্ষী অধীক্ষক সন্মিলনসমূহে জিলাসমূহৰ আৰক্ষীৰ মুৰব্বীজনক কর্তব্যৰ প্রতি অধিক সচেতন কৰি ৰাখিব বুলি অনুমান কৰিব পাৰি৷ এনে সন্মিলনৰ দ্বাৰা প্রভাৱিত হৈ প্রতিখন জিলাত আৰক্ষীৰ তৎপৰতা অধিক বৃদ্ধি পোৱাটো স্বাভাৱিক৷ সেইবাবে আৰক্ষীৰ এনে সন্মিলনসমূহ সময়ে সময়ে অনুষ্ঠিত হৈ থকা অতিকে প্রয়োজন৷ ইতিমধ্যে আৰক্ষীৰ আন এক গুৰুত্বপূর্ণ পদবী হিচাপে বিবেচিত থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ লগতো মুখ্যমন্ত্রী পর্যালোচনা বৈঠকত মিলিত হৈছে৷ ইয়াৰ জৰিয়তে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রীগৰাকীয়ে তৃণমূল পর্যায়ৰ পৰা আৰক্ষীৰ সকলো ধৰণৰ তৎপৰতাৰ বিশদ তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ সেই বাবে গৃহমন্ত্রী হিচাপে মুখ্যমন্ত্রীয়ে গ্রহণ কৰা এনে পদক্ষেপসমূহে এতিয়া অসম আৰক্ষীক এক নতুন জীৱনদান কৰি উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হোৱাটো ৰাজ্যখনৰ বাবে শুভ বতৰা৷

You might also like