নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ৩ বন বিভাগৰ কৰ্মচাৰীক বৰ্খাস্ত 

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: মঙলবাৰে চিৰাং জিলা বন বিভাগৰ চৰকাৰী গাড়ী চালক এজনক চোৰাং কাঠ সৰবৰাহ কৰাৰ অভিযোগত চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে চিৰাং জিলা বন প্ৰাধিকাৰীয়ে গ্ৰেপ্তাৰ হোৱা বিভাগীয় চালক জনৰ লগতে মুঠ তিনিজন কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে কাৰ্যালয় নিৰ্দেশনা নং- বি/চি আৰ ডি/ইষ্টা/৪৭৭১ নম্বৰ যোগে   ঘটনাৰ স্পষ্টিকৰণ বিচৰাৰ লগতে অহা তিনি দিনৰ ভিতৰত প্ৰতিবেদন তথা উত্তৰ দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

আন তিনিটা পৃথক নিৰ্দেশৰ জৰিয়তে আটকাধিন বিভাগীয় গাড়ী চালক মতিলাল মুছাহাৰী(কাৰ্যালয় নিৰ্দেশ নং-১৩৪), দৈমালু গয়াৰী(এফ আৰ-১, কাৰ্যালয় নিৰ্দেশ নং-১৩৭) আৰু জেঠ মুছাহাৰী(এফ আৰ, কাৰ্যালয় নিৰ্দেশন নং- ১৩৮) যোগে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তিনিও জন কৰ্মচাৰীক বৰ্খাস্ত কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কালি দিনৰ ১০ বজাত ৰুণীখাটাৰ আৰক্ষী চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত বেংতল উপ আৰক্ষী চকীৰ অভিযানকাৰী দলে চোৰাং কাঠ ভৰ্তি এখন ট্ৰেক্টৰৰ সৈতে বন বিভাগৰ  বলেৰো গাড়ী খনৰ লগতে চালক মতিলালক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছিল।

চিৰাং জিলা বন প্ৰাধিকাৰীয়ে ৰুণীখাটা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়া যশোমাণিক মুছাহাৰীলৈ প্ৰেৰণ কৰা বিভাগীয় স্পষ্টিকৰণ পত্ৰত উল্লেখ কৰা অনুসৰি কালি চালক জনৰ সৈতে বিভাগীয় বলেৰো গাড়ী খনত দৈমালু গয়াৰী(এফ আৰ-১) আৰু জেঠ মুছাহাৰীও(এফ জি) আছিল। তিনিও জনে মিলি ৰেঞ্জ অফিচৰ চৌহদৰ পৰা কাঠ খিনি অবৈধ ভাৱে ট্ৰেক্টৰত ভৰাই অজ্ঞাত স্থানলৈ সৰবৰাহ কৰিছিল। কালি বিভাগীয় বাহনৰ সৈতে চালক গ্ৰেপ্তাৰ হোৱাৰ পাছত আজি মুঠ তিনিজন কৰ্মচাৰী বৰ্খাস্ত হোৱাৰ পিছত চিৰাং জিলা বন বিভাগত তীব্ৰ জোকাৰণিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।।

You might also like