নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান সমষ্টিত কংগ্ৰেছ দলত যোগদান ৩ শতাধিক সদস‍্যৰ; আগন্তুক নিৰ্বাচনলৈ কংগ্ৰেছৰ ৰণহুংকাৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ বুধবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাট ব্লক কংগ্ৰেছৰ উদ‍্যোগত দুলীয়াজান যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ সহযোগত দুলীয়াজান বিধানসভা সমষ্টিত ক’ভিড-১৯ সজাগতা সভা আৰু যোগদান সমাৰোহ শীৰ্ষক এখনি সভা অনুষ্ঠিত হয় । স্হানীয় কছাৰীপথাৰস্হিত আলোকসংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখন পৌৰহিত‍্য কৰে জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বনমন্ত্ৰী এতোৱা মুণ্ডাই ।

এই সভাতে ৰাজ‍্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি আদি কেইবাগৰাকী কংগ্ৰেছী ৰথী মহাৰথীৰ উপস্হিতিত কংগ্ৰেছ দলত যোগদান কৰে প্ৰায় ৩ শতাধিক সদস‍্যই । চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্হা (আছা), সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা) উপৰি বিৰোধী দল বিজেপি আৰু অগপৰ পৰাও বহু সংখ্যক সদস‍্যই কংগ্ৰেছত যোগদান কৰি দলটোৰ শক্তি বৃদ্ধি কৰে ।

উল্লেখযোগ্য যে যোৱাটো পঞ্চায়তী নিৰ্বাচনত বিজেপি দলীয় টিকট নাপাই ক্ষুণ্ণ হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰা দুলীয়াজান সমষ্টিৰ টিপলিং পঞ্চায়তৰ বিজেপি দলৰ প্ৰাক্তন সভানেত্ৰী মুনু গগৈয়ো এইবাৰ কংগ্ৰেছ দলত যোগদান কৰি হেৰুৱা ৰাজনৈতিক খোপনি পুতিবলৈ চেষ্টা অব‍্যাহত ৰাখিছে । ইফালে বিজেপি দলৰ পৰা বহিস্কৃত এইগৰাকী প্ৰাক্তন বিজেপি পঞ্চায়ত নেত্ৰী মুনু গগৈ আৰু অসম গণ পৰিষদ দলৰ প্ৰাক্তন সম্পাদক প্ৰশান্ত দত্তৰ নেতৃত্বত আজি প্ৰায় ডেৰ শতাধিক পুৰুষ মহিলাই কংগ্ৰেছৰ প্ৰতি আনুগত‍্য প্ৰকাশেৰে দলটোত যোগদান কৰে ।

সেইদৰে বিজেপি চৰকাৰৰ মিথ‍্যাচাৰ আৰু অসমবাসীক কৰা প্ৰতাৰণাত ক্ষুদ্ধ হৈ প্ৰাক্তন আটছা দুলীয়াজান খেল সম্পাদক তথা ডিব্ৰুগড় জিলা ফুটবল এছ’ছিয়েছনৰ সভাপতি ৰাজেশ দাস, আটছা দুলীয়াজান আঞ্চলিকৰ প্ৰাক্তন সহঃসম্পাদক বৰুণ পাত্ৰ, আটছা টিংৰাই উপ শাখাৰ প্ৰাক্তন সভাপতি ৰকিট মুৰাৰী আৰু প্ৰাক্তন বিজেপি কৰ্মী মোহন ডেংৰাৰ নেতৃত্বত প্ৰায় দুই শতাধিক আছা আৰু আটছা নেতা কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰি বিজেপিৰ উৎখাতৰ উদ্দেশ্যে পণ লয় ।

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়বাৰলৈ সাজু হোৱা যুৱ নেতা ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত দুলীয়াজানত কংগ্ৰেছৰ ৰাজনৈতিক ভেটি সুদৃঢ় কৰি বিজেপিক উৎখাত কৰাৰ ৰণহুংকাৰ দিয়ে । সভাত যুৱ নেতাগৰাকীয়ে মহামাৰী ক’ভিড ‌-১৯ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যেও ৰাইজক সজাগ সচেতন হ’বলৈ আহ্বান জনাই । সভাত উপস্থিত থাকে অসম চাহ আৰু চাহ মজদুৰ কংগ্ৰেছৰ প্ৰাক্তন অধ‍্যক্ষ মনোজ ধানোৱাৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ‍্যক্ষ ব্ৰজেন সন্দিকৈ, প্ৰাক্তন বিধায়ক ৰাজু চাহু, এপিচিচি-ৰ অ’বিচি কোষৰ অধ‍্যক্ষ নুমল বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰামান্না বৰুৱা, বিৰিঞ্চি নেওগ, হেমন্ত নেওগ, বিজিত সন্দিকৈ, জিলা কংগ্ৰেছৰ সাঃসম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ, কাৰ্যকৰী সভাপতি দেৱৰঞ্জন গগৈ, উপ সভাপতি বিতুল তালুদাৰ, টেঙাখাট ব্লক কংগ্ৰেছৰ সভাপতি সুশান্ত শইকীয়া, জ‍্যোষ্ঠ নেতা দিলীপ বৰুৱা, ৰতন বৰা আদি অন্যান্য নেতা কৰ্মীসকল ।

You might also like