নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ বছৰে এলাগীঃ অৱশেষত বজালী জিলা প্ৰশাসনৰ উদ্য়োগত শিয়ালমাৰীৰ দুৰ্ভগীয়া পৰিয়ালক গাঁওবাসীৰে পুনৰ্মিলন

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ বজালীৰ ভৱানীপুৰ সমষ্টিৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিয়ালমাৰী গাঁওৰ এটি পৰিয়ালক গাঁওবাসীয়ে বিগত আঠ বছৰে এলাগী কৰি থোৱাৰ পাছত কালি নিশা বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাস আৰু আজি বজালীৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই উপস্থিত হৈ গাঁওবাসী আৰু ভুক্তভোগী পৰিয়ালৰ মাজত পুনৰমিলন ঘটোৱাৰ ফলত হাহি বিৰিঙিল গাঁওখনত। আজি পৰিয়ালটোৰ ঘৰত বজালীৰ অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল প্ৰতিম কোৱৰ, সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়া জোনালী ৰাভাৰ উপস্থিতিত দুৰ্ভগীয়া পৰিয়ালটোৰ চোতালত ৰাইজৰ সৈতে পুনৰ মিলন কৰাত হাহি বিৰিঙিল পৰিয়ালটোত। ইফালে উপায়ুক্ত কাবেৰী বি শৰ্মাই পৰিয়ালটোৰ বিশেষভাবে সক্ষম শিশুটিক এখন হুইল চেয়াৰ প্ৰদান কৰে। উল্লেখ্য যে গাঁওখনৰ উদ্ধৱ চন্দ্ৰ ৰয়ৰ পৰিয়াল আৰু গাঁওবাসীৰ মাজত মিলন হোৱাৰ পাছতে সামাজিক সংকীৰ্ণতাৰ আন এক ঘটনাই এক পুনৰ লজ্জানত কৰিছিল বজালীবাসীক৷ উল্লেখযোগ্যযে পাটাছাৰকুছি সমষ্টিৰ আনন্দপুৰ শাকতিপাৰ গাঁওৰ গজেন কলিতা আৰু সদানন্দ কলিতাৰ পৰিয়ালক বিগত বাৰ বছৰে গাঁওবাসীয়ে এলাগী কৰি থোৱা ঘটনাই একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনতো যে সামাজিক সংকীৰ্ণ একাংশ ব্যক্তিয়ে সমাজ কলুষিত কৰি আহিছে তাক স্পষ্টৰূপত প্ৰতিফলিত কৰিছে৷ স্মৰ্তব্যযে সাধাৰণ এখন থাপনা গোঁসাইঘৰত দিব নোৱাৰাৰ বাবেই বাৰ বছৰে গাঁওবাসীয়ে গাঁওৰ পৰা এলাগী কৰি থৈছিল পৰিয়াল দুটিক। এলাগী কৰি থোৱাতে ক্ষান্ত নাথাকি গাঁওবাসীয়ে পৰিয়াল দুটিৰ গৃহলৈ কোনো মানুহৰে আহ যাহ বন্ধ কৰি দিয়াৰ লগতে কোনোবা মানুহ গলে 500 টকা জৰিমনা আদায় দিব লগাৰ উপৰি নামঘৰ, দোকানঘৰলৈও পৰিয়াল দুটি যাব নোৱাৰে৷ ইয়াৰ বাবে গাঁওবাসীয়ে পোষ্টাৰ আঁৰি সকলোকে সতৰ্কবাণীও শুনাই থোৱা ঘটনাই লজ্জানত কৰি আধুনিক সভ্যসমাজক৷ চৰম নিৰাপত্তাহীনতাত দিন পাৰ কৰা পৰিয়াল দুটিৰ লৰা ছোৱালী স্কুললৈ যাব ভয় কৰাৰ লগতে পৰিয়ালটো এলাগী বাবে ওচৰত কোনো নবহাৰ দৰেও ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পাছতে সংবাদমাধ্যমৰ বাতৰিত বজালী জিলা প্ৰশাসনৰ বিষয়ববীয়া আজি উপস্থিত হয়হি গাঁওখনত৷ বজালী ৰাজহচক্ৰ বিষয়া কাকুমণি শইকীয়া আৰু বজালী আৰক্ষী উপস্থিত হৈ গাওঁৰ নামঘৰৰ সম্মুখত দুয়োপক্ষক মতাই আলোচনাৰ মাধ্যমৰে গাঁওবাসৰ লগত গজেন কলিতা আৰু সদানন্দ কলিতাৰ পৰিয়ালক মিলন কৰায়৷ বিগত বাৰ বছৰ এলাগী হৈ পৰিয়াল দুটিয়ে বজালী প্ৰশাসনৰ পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like