নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দদৰাত কৃষি জ্ঞান-প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ অন্তৰ্গত দদৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত আজি এটি কৃষি জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (OSD) হেমন্ত চৌধুৰীয়ে কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বংশৰৰ কৃষি উন্নয়ন বিষয়া দুৰ্লভ দাস আৰু কৃষি বিভাগৰ অন্যান্য বিষয়াসকলৰ লগতে কৃষি অভিযান্ত্ৰিক শাখাৰ উচ্চপদস্থ বিষয়া আৰু স্থানীয় লোকসকলো উপস্থিত থাকে। উক্ত অনুষ্ঠানত উপস্থিত থাকি হেমন্ত চৌধুৰীয়ে কেন্দ্ৰটোৱে দদৰা অঞ্চলৰ লগতে‌ ওচৰ‌-চুবুৰীয়া অঞ্চলৰ লোকসকল উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

You might also like