নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্র’ ফাইনেন্স কোম্পানীক নিয়ন্ত্রণৰ ব্যৱস্থাঃ টিংখাঙত ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা হাজাৰ হাজাৰ মহিলাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ টিংখাঙৰ ৰাজগড়স্থিত কৰমা ভৱনৰ প্রাংগণত সমৱেত ৰাজ্যৰ বিভিন্ন প্রান্তৰ হাজাৰ হাজাৰ মহিলা৷ জাউৰীয়ে জাউৰীয়ে চাপৰি জাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাসকলে৷ মনৰ আনন্দতে কোনোগৰাকীয়ে নাচিছে, কোনোগৰাকীয়ে বিহু গাইছে৷ বাৰে বাৰে ধন্যবাদ জনাইছে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক৷

মাইক্র’ ফাইনেন্সৰ গ্রাসত স্বহাৰা হোৱা এইসকল মহিলাৰ আন্দোলন আৰু দাবীৰ প্রতি চৰকাৰে সঁহাৰি জনোৱাৰ বাবেই চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈকে এনেদৰে হাজাৰ হাজাৰ মহিলা টিংখাঙত সমৱেত হয়৷ অসম চৰকাৰে কেবিনেটত মাইক্র’ ফাইনেন্সক নিয়ন্ত্রণৰ বাবে নতুন নিয়ম প্রৱর্তন, মাইক্র’ ফাইনেন্সক ৰিজার্ভ বেংকৰ নিয়মমতে চলিব লাগিব বুলি সিদ্ধান্ত গ্রহণ কৰা আৰু আর্থিক সাহায্য প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ বাবে আনন্দত মতলীয়া হৈ পৰিছে দীর্ঘদিন আন্দোলন চলাই অহা মহিলাসকল৷ মাইক্র’ ফাইনেন্সৰ কবলত পৰি সৰ্বস্বান্ত হোৱা মহিলাসকলৰ বাবে চৰকাৰে লোৱা এই সিদ্ধান্তত আত্মহাৰা হৈ মুখ্যমন্ত্রীৰ লগতে বিশেষকৈ বিত্তমন্ত্রীক  ধন্যবাদ জ্ঞাপন কৰে৷

You might also like