নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত বাঢ়িছে নিবনুৱাৰ সংখ্যা

ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রতিষেধক ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন প্রয়োগত ড্রাগ্ছ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডি চি জি আই)ই অনুমোদন দিয়াৰ লগে লগে দেশবাসীৰ মাজত আশাৰ সঞ্চাৰ ঘটিছে৷ কিন্তু মহামাৰী ভাইৰাছৰ প্রকোপত এতিয়াও সম্পূর্ণৰূপে মূৰ দাঙি উঠা দেশৰ অর্থনীতি৷ প্রতিখন ৰাষ্ট্রৰে অর্থনীতি বহুলাংশে নির্ভৰ কৰে নিবনুৱা সমস্যাৰ ক্ষেত্রত৷ ক’ভিড–১৯ প্রতিৰোধ কৰোঁতে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো দীর্ঘসময় ধৰি বলৱৎ কৰা হৈছিল লকডাউন৷ লকডাউনৰ ফলত নির্মাণ–কৃষি–উদ্যোগস্ প্রতিটো খণ্ডই কার্যতঃ স্তব্ধ হৈ পৰিছিল৷ ‘আনলক’ৰ জৰিয়তে পর্যায়ক্রমে লকডাউনত শিথিলতা আনিলেও এই খণ্ডসমূহ বর্তমানেও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই৷ লকডাউন বলৱৎ কৰাৰ লগে লগে উদ্যোগ আদি বন্ধ হৈ পৰাত লাখ লাখ শ্রমিক–কর্মচাৰীয়ে নিজৰ কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ আজিৰ তাৰিখতো দেশত বৃদ্ধি পাই আছে ক’ৰোনাৰ প্রকোপত কর্মসংস্থাপন হেৰুওৱা লোকৰ সংখ্যা৷ এই কথা স্পষ্ট হৈছে ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিক’ (চি এম আই ই)ৰ শেহতীয়া তথ্যত৷ তথ্য অনুসৰি যোৱা ডিচেম্বৰ মাহত ভাৰতত নিবনুৱাৰ সংখ্যা ৩.৮৭ কোটিলৈ বৃদ্ধি পাইছে৷ যোৱা নৱেম্বৰ মাহত এই সংখ্যা আছিল ২.৭৪ কোটি৷ অর্থাৎ মাত্র এটা মাহৰ ব্যৱধানতে দেশত নিবনুৱাৰ সংখ্যা প্রায় ১.১৩ কোটি বৃদ্ধি হৈছে৷ শতাংশৰ হিচাপত এই হাৰ হ’ল ৯.০৬৷ ইয়াৰ পূর্বে বিগত জুন মাহত ভাৰতত কর্মসংস্থাপনহীন লোকৰ সংখ্যা ১০.১৮ শতাংশ বৃদ্ধি পাইছিল৷ অৱশ্যে সেই সময়ত ক’ভিড–১৯ প্রতিৰোধকল্পে সমগ্র দেশতে লকডাউন বলৱৎ হৈ আছিল৷ সম্প্রতি এই লকডাউন পর্যায়ক্রমে শিথিল কৰি দিয়া হৈছে যদিও ঊর্ধ্বমুখী হাৰত কর্মসংস্থাপনহীন লোকৰ সংখ্যা বৃদ্ধি পোৱাটো যথেষ্ট উদ্বেগজনক ৰূপে চিহ্ণিত হৈছে৷ বিশেষকৈ দেশৰ অর্থনীতিৰ বাবে নিবনুৱাৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱা বিষয়টোক অশনি সংকেত আখ্যা দিছে বিশেষজ্ঞ মহলে৷ চি এম আই ইৰ প্রতিবেদনৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি লকডাউন বলৱতৰ পূর্বে যোৱা ২২ মার্চত দেশত নিবনুৱাৰ হাৰ আছিল সামগ্রিকভাৱে ৮.৪১ শতাংশ৷ কিন্তু লকডাউন বলৱৎ কৰাৰ পাছতেই যোৱা এপ্রিল মাহত এই হাৰ অস্বাভাৱিকভাৱে ২৩.৫১ শতাংশলৈ বৃদ্ধি পায়৷ ইয়াৰ পৰৱর্তী মে’ মাহত দেশত নিবনুৱাৰ হাৰ হৈছিল ২৩.৪৮ শতাংশ৷ এই দিশৰ পৰা বর্তমান পৰিস্থিতি যথেষ্ট উন্নত হোৱা বুলি ক’ব পাৰি যদিও মাত্র এটা মাহতেই প্রায় ১.১৩ কোটি লোক কর্মসংস্থাপনহীন হোৱা বিষয়টো চিন্তনীয়৷
এই প্রসংগতে দুশ্চিন্তাৰ বিষয়টো হ’ল যে দেশত ৰকেটৰ গতিত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে দাম বাঢ়িছে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ৷চি এম আই ইৰ শেহতীয়া সমীক্ষাৰ তথ্য অনুসৰি বিগত মাত্র কেইটামান মাহৰ ভিতৰতে খুচুৰা বজাৰত অত্যাৱশ্যকীয় খাদ্যবস্তুৰ সামগ্রিকভাৱে প্রায় ৭ শতাংশ পর্যন্ত মূল্যবৃদ্ধি হৈছে৷ এনেদৰে আকাশলংঘী হাৰত খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি ঘটাৰ লগতে লাখ লাখ লোকে কর্মসংস্থাপনহীন হোৱাটো নিশ্চিতভাৱে দেশৰ অর্থনীতিৰ বাবে অশুভ ইংগিত৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে গ্রামাঞ্চলত কর্মসংস্থাপনহীন লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ যোৱা নৱেম্বৰ মাহত দেশৰ গ্রামাঞ্চলত কর্মসংস্থাপনহীন লোকৰ হাৰ আছিল ৬.২৪ শতাংশ৷ কিন্তু এটা মাহৰ ব্যৱধানতে অর্থাৎ ডিচেম্বৰ মাহত এই হাৰ হৈছেগৈ ৯.১৫ শতাংশ৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনা নামৰ এখন অভিলাষী আঁচনি প্রৱর্তন কৰিছে৷ তদুপৰি প্রব্রজনকাৰী শ্রমিকসকলক এমজি এনৰেগাৰ অধীনত নিয়োজিত কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ বিশেষজ্ঞসকলেআগব মতামত অনুসৰি এনেধৰণৰ পদক্ষেপে কর্মসংস্থাপন সৃষ্টি কৰাৰ ক্ষেত্রত প্রভূত অৰিহণা আগবঢ়াব৷ পিছে চৰকাৰৰ এনেধৰণৰ আঁচনি তথা উদ্যোগসমূহ যাতে সঠিকভাৱে ৰূপায়ণ হয়, সেই ক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষই নজৰ ৰাখিব লাগিব৷

You might also like