নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো এটা দলে অকলে বিজেপি মিত্রজোঁটৰ চৰকাৰখনক ক্ষমতাচ্যুত কৰিব নোৱাৰে

সাক্ষাৎগ্রহণ - উৎপল চক্রৱর্তী

A.আসন্ন বিধানসভা নির্বাচনক লৈ কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া প্রস্তাৱিত মহাজোঁটক লৈ আপোনালোক কিমান আশাবাদী?
– এআইইউডিএফ দলে পূর্বৰে পৰা স্পষ্টভাৱে কৈ আহিছে বিজেপিৰ নীতি অসম আৰু অসমীয়াবিৰোধী৷ তেওঁলোকে ভিজন ডকুমেণ্টকে ধৰি নির্বাচনৰ সময়ত জাতি–মাটি–ভেটি ৰক্ষাকে ধৰি যিমানবোৰ প্রতিশ্রুতি দিছিল, প্রতিটো ক্ষেত্রতে ইউটার্ন ল’লে৷ এই চৰকাৰখন প্রকৃততে পুঁজিপতিৰ চৰকাৰ৷ অসম আৰু অসমীয়াৰ স্বার্থত চৰকাৰখনে কোনো কাম কৰা নাই৷ সেয়ে আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে চৰকাৰখনক ক্ষমতাচ্যুত কৰিব লাগে৷ এয়া সময়ৰ আহ্বান৷ কিন্তু কোনো এটা দলে অকলে চৰকাৰখনক ক্ষমতাচ্যুত কৰাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে সকলো বিৰোধী দল একগোট হৈ মহাজোঁট গঠন কৰিব লাগিব৷ ইয়াৰ প্রাৰম্ভিক প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ লগতে জনগোষ্ঠীয় সংগঠনৰ লগত মহাজোঁট গঠনৰ বাবে কথা–বতৰা চলি আছে৷ এআইইউডিএফ দল যিকোনো চর্তৰ বিনিময়ত মহাজোঁটৰ অংশীদাৰ হ’বলৈ সাজু আছে৷

B.মহাজোঁট গঠনৰ ক্ষেত্রত আপুনি জনগোষ্ঠীয় সংগঠনৰ সৈতে কথা–বতৰা চলি থকা বুলি কৈছে৷ এতিয়ালৈ কোন কোন জনগোষ্ঠীয় সংগঠনৰ সৈতে আপোনালোকৰ কথা–বতৰা হৈছে?
– এই মুহূর্তত এই বিষয়ে ৰাজহুৱা কৰিব বিচৰা নাই৷ কিন্তু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত পূর্ণগতিত কথা–বতৰা চলি আছে৷ কংগ্রেছ, অজিত ভূঞাৰ নেতৃত্বত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰে মহাজোঁট গঠন সম্পর্কত আলোচনা অব্যাহত আছে৷

C.বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হ’বলৈ সন্মুখত দুটা মাহো নাই৷ মহাজোঁট গঠনৰ পিছত আসন বুজাপৰাৰ দৰে জটিল বিষয় আদি আছেই৷ এনে অৱস্থাত মহাজোঁট গঠনৰ প্রক্রিয়াটো আৰম্ভ কৰাত বিলম্ব হোৱা বুলি নাভাবেনে?
– এআইইউডিএফ দলে এতিয়ালৈ কোনো এটা বিধানসভা নির্বাচনতে ১২৬টা সমষ্টিত প্রার্থিত্ব দিয়া নাই৷ মহাজোঁট গঠন হ’লে আমি প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ সংখ্যাও স্বাভাৱিকতে কমি আহিব৷ তদুপৰি প্রত্যেকে এৰা–ধৰাৰ মানসিকতা লৈ আলোচনাত বহিলে কম সময়ৰ ভিতৰতে আসন বুজাপৰাৰ বিষয়টো নিষ্পত্তি কৰিব পৰা যাব৷ আপুনি কোৱাৰ দৰে আসন বুজাপৰাৰ বিষয়টো জটিল নহ’ব, যদিহে আমি আটায়ে এৰা–ধৰাৰ মানসিকতা লৈ আসন বুজাপৰাৰ দিশত অগ্রসৰ হওঁ৷ সেয়ে আমি মহাজোঁট গঠনত বিলম্ব হোৱা বুলি নাভাবোঁ৷ সন্মুখত যথেষ্ট সময় আছে৷

D.মহাজোঁট গঠনেৰে আপোনালোকে আসন্ন নির্বাচনত বিজেপিক পৰাভূত কৰাৰ ভিত্তি কি?
– চাওক, বিজেপিৰ সন্মুখত এইবাৰ কোনো উন্নয়নৰ আঁচনি নাই৷ তেওঁলোকে কেৱল মছজিদ, মাদ্রাছা, আজমল, আজমল ফাউণ্ডেচন আদি লৈ ৰাজনীতি কৰিব বিচাৰিছে৷ অসমৰ জনসাধাৰণে ৰাজ্যখনৰ সর্বাংগীণ উন্নয়ন, বিকাশ, অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু নিৰাপত্তা বিচাৰে৷ সকলো বিৰোধী একত্রিত হৈ নির্বাচনত অৱতীর্ণ হ’লে বিজেপি ক্ষমতাচ্যুত হোৱাটো নিশ্চিত৷

E. মহাজোঁট গঠন হ’লে আপোনালোকে প্রতিদ্বন্দ্বিতাৰ বাবে কিমানখন আসন বিচাৰিব আৰু আসন বিচৰাৰ মূল ভিত্তি কি হ’ব?
– সাংগঠনিকভাৱে আমি যিসমূহ সমষ্টিত শক্তিশালী, স্বাভাৱিকতে সেই সমষ্টিসমূহেই বিচাৰিম৷ ২০০৬ চনৰ পৰা এতিয়ালৈ আমি যিসমূহ সমষ্টিত জয়লাভ কৰিছোঁ আৰু যিসমূহ সমষ্টিত সামান্য ভোটৰ ব্যৱধানত পৰাজিত হৈছোঁ, সেই সমষ্টিসমূহ বিচৰা হ’ব৷ অৱশ্যে সেয়া চূড়ান্ত হ’ব আলোচনাৰ মেজতহে৷ মহাজোঁটৰ স্বার্থত বর্তমান আমাৰ দখলত থকা সমষ্টিও এৰিব লগা হ’ব পাৰে আৰু কংগ্রেছেও তেওঁলোকৰ দখলত থকা সমষ্টি এৰিব লগা হ’ব পাৰে৷ সেয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টি আসন বুজাপৰাৰ পিছতহে চূড়ান্ত হ’ব৷

F.প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আসন বুজাপৰাৰ ক্ষেত্রত ‘চিটিং–গেটিং’ ফর্মূলাৰ কথা হৈছে৷ আপোনালোকেও সেই ফর্মূলাৰ আধাৰত আসন বুজাপৰা কৰিব নেকি?
– অকল ‘চিটিং–গেটিং’–এ আসন বুজাপৰাৰ একমাত্র ফর্মূলা হ’ব নোৱাৰে৷ ক’ৰবাত তেওঁলোকেও বর্তমান দখলত থকা সমষ্টি এৰিব লগা হ’ব পাৰে, ক’ৰবাত আমিও দখলত থকা কোনো সমষ্টি এৰিব লগা হ’ব পাৰে৷ এয়া আলোচনাৰ মেজতহে চূড়ান্ত হ’ব৷ তদুপৰি এনে বহু সমষ্টি আছে, যিসমূহ বর্তমান কংগ্রেছৰো দখলত নাই আৰু আমাৰো দখলত নাই৷ সেই সমষ্টিসমূহতো মহাজোঁটৰ দলসমূহৰ সমষ্টি অনুযায়ী সুদৃঢ় সাংগঠনিক ভেটিৰ আধাৰত প্রার্থিত্ব আগবঢ়াব লাগিব৷

G.নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে আপোনালোকৰ সবল ভেটি থকা সংখ্যালঘু অধ্যুষিত বহু সমষ্টিত নিজৰ ভেটি সুদৃঢ় কৰিবলৈ নামি পৰা দেখা গৈছে৷ ইয়াৰ ফলত আপোনালোক ক্ষতিগ্রস্ত নহ’বনে?
– আমাৰ খোপনি থকা সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে অকলশৰীয়াকৈ নির্বাচনত অৱতীর্ণ হৈ জয়লাভ কৰিব পৰা সমষ্টিৰ সংখ্যা তেনেই নগণ্য হ’ব৷ ইয়াৰ জৰিয়তে তেওঁলোকে বিজেপিৰ জয়ৰ পথ মুকলি কৰাহে হ’ব৷ সেয়ে তেওঁলোকে বিজেপিক পৰাভূত কৰাৰ স্বার্থত মহাজোঁটৰ অংশীদাৰ হওক৷ পুনৰবাৰ তেওঁলোকক আহ্বান জনাওঁ– মহাজোঁটলৈ আহক আৰু অহা বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক ক্ষমতাচ্যুত কৰক৷ কাৰণ, তেওঁলোকৰ ইছ্যু আৰু আমাৰ ইছ্যু একেই৷

H. কিন্তু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ইতিমধ্যে মহাজোঁটলৈ নহাৰ কথাটো স্পষ্ট কৰি দিছে৷ ৰাইজৰ দলে আনকি এআইইউডিএফক সাম্প্রদায়িক দল বুলিও অভিহিত কৰিছে৷ এই সম্পর্কত আপুনি কি কয়?
– ৰাইজৰ দলে কি কাৰণত এআইইউডিএফক সাম্প্রদায়িক দল বুলি ক’লে বুজি নাপালোঁ৷ আজমলৰ দাঢ়ি–টুপী দেখিয়েই তেনেদৰে যদি ভাবিছে, নাজানো৷ তেওঁলোকক প্রত্যাহ্বান জনাই কওঁ– জন্মলগ্ণৰে পৰা আজিলৈকে এআইইউডিএফৰ এনে এটা মন্তব্য বা বক্তব্য আঙুলিয়াই দিয়ক, য’ত সাম্প্রদায়িকতাৰ গোন্ধ আছে৷ আজিলৈকে এআইইউডিএফৰ তৰফৰ পৰা কোনো সাম্প্রদায়িক মন্তব্য বা বক্তব্য প্রকাশ কৰা নাই৷ অসম চুক্তি আখৰে আখৰে ৰূপায়ণ, এন আৰ চি উন্নীতকৰণৰ ক্ষেত্রত তেওঁলোকৰ স্থিতিৰ সৈতে এআইইউডিএফৰ মিল থকাই নহয়, পূর্ণ সহযোগিতা আগবঢ়াই আহিছে৷ তেওঁলোকৰ দৰে বাংলাদেশক ভূমি হস্তান্তৰ, ‘কা’ৰ জৰিয়তে বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বিৰোধিতা কৰি আহিছে৷ তৎসত্ত্বেও এআইইউডিএফক সাম্প্রদায়িক দল বুলি কিয় ক’লে বুজি নাপালোঁ৷

I.কংগ্রেছৰ একাংশ নেতাই এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ প্রকাশ্যে বিৰোধিতা কৰি আহিছে৷ এই সম্পর্কত আপুনি কি কয়?
– কংগ্রেছৰ এটা অংশই উজনি অসমত ভোটৰ প্রভাৱ পৰাৰ শংকাতে বিৰোধিতা কৰি আহিছে৷ এআইইউডিএফৰে মিত্রতাৰ চর্চা আৰম্ভ হোৱাৰে পৰাই বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’ব বুলি এটা মহলে অপপ্রচাৰ আৰম্ভ কৰে৷ সেয়ে নির্বাচনত ভোটৰ ক্ষেত্রত উজনি অসমত প্রভাৱ পৰাৰ শংকাতে কংগ্রেছৰ এটা অংশই এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ সেইদৰে কংগ্রেছৰ আন কিছুমানে আভ্যন্তৰীণগতভাৱে বিজেপিৰ লগত গোপন সম্পর্ক থকাৰ বাবেই এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰি থাকিব পাৰে৷ নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো কংগ্রেছত তেওঁৰ বহু বন্ধু আছে বুলি কৈ অহাই নহয়, কংগ্রেছৰ প্রতিটো পৰিকল্পনাৰ খবৰ লাভ কৰে বুলিও কৈছে৷ কিন্তু মূল কথাটো হৈছে– আজিৰ তাৰিখত কংগ্রেছে এআইইউডিএফৰে মিত্রতা নকৰাকৈ কিমানটা সমষ্টিত জয়ী হ’ব পাৰিব? কংগ্রেছেই বিগত সময়ছোৱাত বিভিন্ন সময়ত ২০১৬ চনত এআইইউডিএফৰ বাবেই ২৭–৩০টা সমষ্টিত পৰাজিত হ’বলগীয়া হৈছে বুলি কৈ আহিছে৷ আৰু এটা কথা কওঁ– যিসকলে এআইইউডিএফৰে মিত্রতা কৰিলে উজনি অসমত কংগ্রেছ ক্ষতিগ্রস্ত হ’ব বুলি শংকা কৰিছে, ২০১৬ চনৰ বিধানসভা নির্বাচন, ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নির্বাচনত কংগ্রেছে কিয় ভাল ফলাফল দেখুৱাব নোৱাৰিলে? সেই নির্বাচনসমূহত এআইইউডিএফৰে কংগ্রেছৰ মিত্রতা নাছিল৷

J.অসমৰ কংগ্রেছ নেতৃত্বই এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰিলেও আপোনালোকৰ সভাপতি বদৰুদ্দিন আজমলে নতুন দিল্লীত ছোনিয়া গান্ধীৰ লগত মিত্রতা কৰিব বুলি কৈছে৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ তেওঁ ১০০ শতাংশ গেৰাণ্টীও দিছে৷ ইয়াৰ ভিত্তি কি?
– চাওক, জন্মলগ্ণৰে পৰা এআইইউডিএফ দল ইউপিএৰ লগত আছে৷ ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীকে ধৰি কংগ্রেছৰ শীর্ষ নেতৃত্বৰ সৈতে আমাৰ সভাপতি বদৰুদ্দিন আজমলৰ সু–সম্পর্ক আছে৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙেও বিভিন্নজনৰ পৰা মিত্রতাৰ সপক্ষে–বিপক্ষে মতামত গ্রহণ কৰিছে৷ আমি জানিব পৰা মতে, জনসাধাৰণে এইবাৰ মিত্রতাৰ সপক্ষে মতামত দিছে,৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত, ২০১৯ চনৰ লোকসভা নির্বাচনতো মিত্রতা হোৱাৰ কথা আছিল৷ শেষ মুহূর্তত কংগ্রেছৰ প্রতাৰণাৰ বাবেহে মিত্রতা নহ’ল৷ সেয়ে এইবাৰ মিত্রতা হ’ব বুলি আশা কৰিছোঁ৷

K. এই মিত্রতা কেতিয়ালৈ হোৱাৰ আশা কৰিছে?
– অহা ১৫ ফেব্রুৱাৰীৰ ভিতৰত মিত্রতাই চূড়ান্ত ৰূপ পাব বুলি আশা কৰিছোঁ৷ কংগ্রেছ নেতা ৰাহুল গান্ধী বর্তমান বাহিৰত আছে৷ নতুন দিল্লীলৈ উভতি অহাৰ পিছতেই ৰাহুল গান্ধীয়ে আমাৰ সভাপতি বদৰুদ্দিন আজমলক মাতি পঠিয়াব বুলি নিখিল ভাৰত কংগ্রেছ কমিটী আৰু অসম প্রদেশ কংগ্রেছ কমিটীৰ প্রতিনিধিয়ে জনাইছে৷ আমি আশা কৰিছোঁ– ৰাহুল গান্ধীৰে হ’বলগীয়া আজমলৰ সেই বৈঠকতে মিত্রতাই সাকাৰ ৰূপ পাব৷
L.আপোনালোকৰ দলৰ সভাপতি বদৰুদ্দিন আজমলে আসন্ন বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে নেকি আৰু যদি প্রতিদ্বন্দ্বিতা কৰে, তেওঁ কোন সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়াব?
– নাই, তেওঁ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে৷

M. আসন্ন বিধানসভা নির্বাচনত আপুনি মানকাচৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলি খবৰ ওলাইছে৷ ইয়াৰ সত্যতা কিমান?
– হয় সঁচা৷ যোৱা বিধানসভা নির্বাচনতো মই মানকাচৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু সামান্য ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিলোঁ৷

N. কিন্তু সমষ্টিটো বর্তমান কংগ্রেছৰ দখলত আছে৷ কংগ্রেছে এৰিব জানো?
– বিষয়টোক লৈ নিশ্চয় দুই দলৰ নেতৃত্বই আলোচনা কৰি নিষ্পত্তি কৰিব৷

You might also like