নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি জন্মদিনঃ জুবিন গাৰ্গৰ বিষয়ে ৬টা জানিবলগীয়া কথা…

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ আজি জুবিন গাৰ্গৰ জন্মদিন। অসমৰ শিল্পীগৰাকীয়ে আজি এনে এক জনপ্ৰিয়তাৰ শাৰীত থিয় হৈছে, যাক সহজে অৰ্জন কৰা টান। জুবিন গাৰ্গ এটা যেন নাম নহয় এক অনুষ্ঠান। আহকচোন আজি জুবিন গাৰ্গৰ বিষয়ে জানো আমি তেনে ৬টা জানিবলগীয়া কথা।

(১) জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত। মেঘালয়ৰ তুৰাত জন্ম লাভ কৰা এই শিশুটিৰ নামকৰণ কৰা হৈছিল ভাৰতত বিখ্যাত সংগীতশিল্পী জুবিন মেহতাৰ নামেৰে। তেওঁৰ দেউতাক মোহিনী বৰঠাকুৰ জুবিন মেহতাৰ এগৰাকী অনুৰাগী আছিল। আনহাতে গাৰ্গ উপাধিটো গোত্ৰ অনুযায়ী ৰখা হয়।

(২) জুবিন গাৰ্গৰ প্ৰথম গানৰ এলবামটোৰ নাম আছিল অনামিকা। ১৯৯২ চনত মুকলি কৰা এই এলবামটোৱে অসমীয়া সংগীত জগতলৈ এক নতুন ধাৰা আনিবলৈ সক্ষম হৈছিল।

(৩) ২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা। খাচি চুটি ছবি Echoes of silenceত কৰা সংগীত পৰিচালনাৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল।

(৪) সংগীতৰ লগতে অভিনয়ৰ দিশতো খ্যাতি অৰ্জন কৰিছে জুবিন গাৰ্গে। ৫৬সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমীয়া ছবি ‘মন যায়’ত তেওঁ নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।

(৫) জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২খন ছবিত কৰিছে অভিনয়।

(৬) বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। আনহাতে আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

You might also like