নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মেঘালয় সীমান্তৰ মুক্ৰত উপস্থিত জি পি সিং

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ যোৱা ২২ নৱেম্বৰত অসম-মেঘালয় সীমান্তৰ মুক্ৰত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ী আৰু অসমৰ বনকৰ্মী-সুৰক্ষা কৰ্মীৰ মাজত হোৱা ঘটনাৰ বুজ ল’বলৈ আজি সীমান্তৰ মুক্ৰ অঞ্চলত উপস্থিত হয় আৰক্ষী বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিং, কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বেʼ, বিধায়ক ৰূপছিং তেৰনৰ লগতে আৰক্ষী বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকল। আৰক্ষী সঞ্চালক জি পি সিঙে সীমান্তত সংঘটিত হোৱা উক্ত ঘটনা সীমা সমস্যাৰ ফলত উদ্ভৱ হোৱা নাই বুলি সাংবাদিকক জানিবলৈ দিয়ে। একাংশ মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে অসমৰ চোৰাং কাঠ সৰবৰাহ কৰাৰ ফলত এনে পৰিস্থিতিৰ উদ্ভৱ হৈ এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে বুলি সদৰি কৰি মুখ্য মন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত চি বি আইৰ দ্বাৰা কৰিবলৈ আৰক্ষীক আহ্বান জনাইছিল আৰু সেই অনুসৰি ইতিমধ্যে বিষয়টো কেন্দ্ৰৰ অধীনত আছে আৰু দুই এদিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰি কয় যে সীমান্তত আগন্তুক সময়ত যাতে এনে পৰিস্থি উদ্ভৱ নহয় ইয়াৰ বাবে দুয়ো ৰাজ্যৰ পৰা মুক্ৰত বিএছ এফ বাহিনী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰক্ষী সঞ্চালক গৰাকীৰ ভ্ৰমণ কালত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং উপস্থিত সাংবাদিকৰ আগত উল্লেখ কৰে যে সীমান্তৰ বনাঞ্চলৰ ধ্বংশ ৰূধ কৰিবলৈ আৰু দুস্কৃতিকাৰীক কঠোৰ তাৰে দমন কৰিবলৈ মুক্ৰত থকা বন শিবিৰটো আঞ্চলিক বন কাৰ্য্যালয়লৈ উন্নীত কৰাৰ লগতে উক্ত অঞ্চলত বেটেলিয়নৰ এটা স্থায়ী কেম্প স্থাপন কৰিবলৈ ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰা হৈছে বুলি সদৰী কৰে ।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like